H. F. Sammon- এ তেওঁৰ Monograph on the Cotton Fabrics
of Assam (1887 ) নামৰ পাৰ্থিত লিখিছে— The Ahom Rajas kept
skilled weavers to supply the Royal wardrobe with clothes, and
it is related how in the reign of Purandar Rajah, one Madhuram
Tanti excelled all the other weavers of the day and was, for his
services to the Royal family, granted land rent free by the
King."
এই একেজন লিখকেই নিপুণ অসমীয়া গুণা-কটীয়াৰ বিলোপৰ বিষয়ে মন্তব্য কৰিছে—
“In former days the gold and silver wire (Guna ) used for cmbroidery was made within the province by a class of work- men called Gunakatia; the process of manufacture was a trade- secret, and no information concerning it has been procured. This is all the more regrettable as the class of Gunakatia is rapidly becoming extinct, and such men as still retain the name depend no longer on their professional occupation for a liveli- hood, but have taken to agriculture or other more profitable employments and are fast losing or have lost already entirely their knowledge of the art for which they were once so famous.”
অসমীয়া পুৰুষ-মহিলাৰ যি জাতীয় সাজ-পোছাক সি সম্ভৱতঃ আহোম যুগতে নিৰ্ধাৰিত হয়। ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া তিৰোতাইহে ৰিহা মেখেলা-চাদৰ, একেলগে এই তিনি বস্ত্ৰ পৰিধান কৰে। বৰঞ্জী আৰু, সম- সাময়িক প্ৰাচীন গ্ৰন্থৰপৰা আহোম যুগৰ অসমীয়া মানুহে ব্যৱহাৰ কৰা কানি- কাপোৰৰ এটি তালিকা তলত দিয়া হ’ল-
বৰ কাপোৰঃ তাৰ ভিতৰত আছে—পিত-কাপোৰ, পিত-খনীয়া, তিতা কৰিয়া, ছকঠীয়া, নবা-কাপোৰ, ঢবা-কাপোৰ, ফলাম বৰ কাপোৰ।
খনীয়াৰ ভিতৰতঃ উকা খনীয়া, মুগা-ফলৰ খনীয়া, আচু-ফলৰ খনীয়া, গুণা-কটা খনীয়া, গাড়ী দিয়া খনীয়া, দৰিয়ালী-গুণা খনীয়া, বুটা-দিয়া খনীয়া, গুটি-বুলোৱা খনীয়া, কাৰচিপি খনীয়া, নোৰা কটা সতাৰ খনীয়া আদি৷
বিবিধ চেলেঙঃ ঊকা-চেলেং, আচুদিয়া চেলেং, ফুলদিয়া চেলেং, গুণা-কটা চেলেং, পাৰি দিয়া চেলেং, জাৰি দিয়া চেলেং, ডৰিয়লী চেলেং, মুগা-গুটি দিয়া চেলেং, সোণ-সুতাৰে চাব মৰা চেলেং প্ৰধান।