অসমীয়া তিৰোতাৰ ৰাজ্য-শাসনৰ দক্ষতা আৰু সমৰ-নিপুণতাৰ পুনৰাবৃত্তি
নিষ্প্ৰয়োজন—যদিও কোচৰ লগত সন্ধিৰ প্ৰস্তাৱত খোৰাৰজাই তিনিজনা
গোহাঁইৰ পুতেকক কোচৰজাত জোগাবলৈ দিহা কৰা প্ৰসঙ্গত নাংবক্ল গাভৰুৱে
যি কথা কৈছিল সেই কথাৰ স্মৰণে অসমীয়া নাৰীক চিৰকাল উদ্দীপ্ত কৰিব।
দেওধাই অসম বুৰঞ্জীত আছে—
পাচে দিহিঙ্গীয়া ৰজাদেৱৰ জীয়েক, খোৰাৰজাদেৱৰ পেহীয়েক, বৰগোঁহাইৰ ঘৈণী, নাংবক্ল গাভৰুয়ে পুতেকৰ লগত আহি বুলিলে, – “মোৰ পোক ভাটি ৰাজ্যলৈ কেলৈ দিম, নিদিওঁ? কোঁচতে যে ৰণ হাৰিলি ৰজানো কি? ডা-ডাঙৰীয়ানো কি?” গিৰিয়েকক বোলে, – “তুমিনো কিহৰ বৰগোহাঁই? ভাল, তহ'তে যে ৰণত হাৰিলি, মই যুদ্ধ কৰি চাওঁ। তহঁতৰ টুপী, চোলা, কুন্ বিন্, কুনখা মঞি পিন্ধি কোঁচক যুদ্ধ কৰোঁ। তিৰুতা নে পুতানু এতেকে মোক জানিবি। তহঁতে মোৰ সাজ পিন্ধিবি।” এই বুলি গাভৰুৱে পুতেক ত্যাওপেতক কাঢ়ি নিলে। পাচে বৰগোহাঁয়ে ৰজাদেৱত কলে—“ৰাজ্যৰ কাৰণে মোৰ পোক দিলোঁ য’ক।” পুনৰ গাভৰুৱে বোলে — “মোৰ লৰাক কোনে দিব পাৰে? দিখৌ নৈক ওভোটাই বোৱাব পাৰিলেহে মোৰ লৰাক দিব পাৰে।” (দেওধাই অসম বুৰঞ্জী, পৃষ্ঠা ৪৪)
অসমীয়া মানুহৰ ভোজন-বিলাসিতাৰ বিষয়ে পূৰ্ব্বৰ এক আধ্যাত উল্লেখ কৰা হৈছে। আহোম যুগত মাংসৰ ব্যৱহাৰ বৃদ্ধি পালে। নানা জাতীয় পশুৰ মাংস আৰু মাছ মানুহে খাইছিল। বিবিধ ভক্ষ্য পশুৰ ভিতৰত ম’হ গাহৰিৰ মঙহ খোৱাৰো উল্লেখ আছে। মাছ-মঙহৰ প্ৰচলনৰ লগতে ফটিকা পানো প্ৰচলিত হৈছিল। উচ্চশ্ৰেণীৰ প্ৰায়বোৰ মানহে নিজৰ গৃহত, উৎসৱত অথবা সমাজত ( club) ফটিকা খাইছিল। দেৱ-দেৱীৰ পূজা আৰু ৰজাঘৰত ফটিকাৰ প্ৰচলন আছিল। বিষয়াৰ সৰহ ভাগেই ফটিকা খাইছিল বুলি অনুমান হয়; নহলে “মদ নোখোৱাৰ পুতেক” আদি নামৰ সৃষ্টি নহলহেঁতেন। এই যুগতে তামোল খোৱা প্ৰথাৰ ব্যাপক প্ৰচাৰ আৰু তাৰ লগতে পিকদানৰ ব্যৱহাৰ উল্লেখযোগ্য।
সাধাৰণতে প্ৰত্যেক যুগতে মানুহৰ মন বিশেষ এক বিষয়ত আকৃষ্ট হয়। কোনো যুগত মানুহৰ মন ধৰ্ম্মৰ প্ৰতি আকৃষ্ট হয়; কোনো যাগত যুদ্ধৰ প্ৰতি ধাবিত হয়; আৰু কোনো যুগত সাহিত্য-শিল্পকলাৰ প্ৰতি আকৰ্ষিত হয়। আহোম যুগত যি কোনো নিমিত্তেই নহওক, মানুহৰ মন যুদ্ধ-বিগ্ৰহৰ প্ৰতি আকৃষ্ট হৈছিল; আৰু সেই হেতু কৰ্ম্মময় জীৱনৰ প্ৰতি আগ্ৰহ বাঢ়িছিল। বৈষ্ণৱ-মহন্তৰ প্ৰভাৱত অসমীয়া মানুহৰ মন পৰলোকৰ প্ৰতি চালিত হৈছিল। আহোমসকলে তাৰ পৰিবৰ্ত্তন ঘটুৱাই ঐহিক সুখ-শান্তি আৰু পাৰ্থিৱ উন্নতিৰ চেষ্টাত মন দিয়ালে। তেতিয়াৰপৰা অসমীয়া মানুহৰ মন বাস্তৱমুখী আৰু কৰ্ম্ম-প্ৰেৰণাৰে উদ্বুদ্ধ হ'ল। অসমীয়া জাতীয় চৰিত্ৰত আহোমসকলৰ এই দান লেখত লবলগীয়া।