সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
অসমীয়া ভাষা আৰু সংস্কৃতি


দিছিল।—“সেই বিবাহত ন দিন পানী তুলিছিল। সকল সত্ৰ-চহৰীয়া গায়ন- বায়ন আনিছিল। ছোৱালী উলিৱাই দিবৰ দিনা ডাঙৰীয়াবোৰ চৌৰাত বহি - ছিলহি; বৰবৰুৱা, ফুকনবোৰো বহিছিল। সেই বিবাহত বঢ়াগোঁহাই ডাঙৰীয়া, চমুৱা, বৰুৱা, ফুকন, কোনো কটকী, কাকতী, বিলতীয়া, এই বোৰক বঁটা দিলে।” (তুংখুঙ্গীয়া বুৰঞ্জী, পৃঃ ১৭৪)। স্বৰ্গদেৱসকলে ছোৱালীৰ ঘৰলৈ জোৰোণ পঠিয়াইছিল; আৰু ছোৱালী বিয়া দি উলিয়াই দিওঁতে লগত ভালেমান বয়-বস্তুৰ বাহিৰেও বেটী-বন্দী, লাচনী-লিগিৰী যৌতুকত দিছিল । খোৰা ৰজাই নৰা ৰজালৈ কন্যা খুজি জোৰোণ পঠোৱা প্ৰসঙ্গত আছে—

“চিৰিংসকলৰ হাতত জোৰণ দিলে। সোণৰ খাৰু এযোৰ, কর্ণবালা এযোৰ, বাখৰপতা বিৰি দুধাৰ, ডিঙিৰ চেও দুধাৰ, হাতৰ চেও দুধাৰ, বাখৰাম আগঠি ১০, উজণ্টি ১৪, ভৰিৰ চেও ২, কাপোৰ দুসাজ, এই বস্তুসকল আমাৰ মানুহে নি নৰা ৰজাক খামজাঙ্গত দিলেগৈ। পাচে আহাৰৰ দিনত নৰা ৰজা যৌতুকে সহিতে ভাল মানুহ লগত দি ভনীয়েক গাভৰু ৰজাক আমাৰ চিৰিংসকলৰ হাতত ৰজাদেৱলৈ নমাই দি পঠিয়ালে ।”

(দেওধাই অসম বুৰঞ্জী, পৃষ্ঠা-৪৮ )

 তাঁত-বোৱা, ফুল-তোলা, আদি কাৰ্য্যত আহোম যুগৰ তিৰোতাৰ শিল্প- নিপুণতাৰ বিষয়ে অন্য ঠাইত উল্লেখ কৰা হৈছে। কুঁৱৰী আৰু বা-বিষয়াৰ ঘৰৰ তিৰোতাই শিক্ষা আৰু শাস্ত্ৰ-অধ্যয়ন কৰাৰ উদাহৰণ আছে। গড়গঁয়া ৰজাৰ এগৰাকী কুঁৱৰীৰ বিষয়ে কোৱা হৈছে—“কুঁৱৰীও ৰূপে-গুণে বৰ পণ্ডিতা, ভৰিয়েৰেহে আহোম আখৰকো লেখিছিল (অসম ব্যবঞ্জী, পূঃ ৩২)। আহোম স্বৰ্গদেও সকলে নৃত্য আৰু সঙ্গীতকো সমাদৰ কৰিছিল। প্ৰায়বোৰ শিৱ মন্দিৰতে নাচনী আছিল। ফলেশ্বৰী বৰকুৱৰীও নাচনীয়াৰহে। তেওঁৰ বিষয়ে বুৰঞ্জীত আছে—

চিনাতলীয়া নটৰ জীয়ৰী, নাম ফুলমতী, নাচনীয়াৰ আছিল। তেওঁকে বৰকুঁৱৰী পাতি বৰৰজা নাম দিলে, ছত্রো দিলে, হস্তীতো তুলিলে।

(তুংখুঙ্গীয়া বৰঞ্জী, পৃঃ ৩৬)

 স্বৰ্গদেও আৰু কোঁৱৰসকলৰ সেৱা-শুশ্ৰষা আৰু পৰিচৰ্যাৰ নিমিত্তে কাৰেঙ্গত কেইবাগৰাকীও নটিনী ছোৱালী ৰাখিছিল। ৰজা আৰু কোঁৱৰ- সকল বাহিৰলৈ গলে তেওঁলোকৰ লগত নাচনী ছোৱালীয়ো গৈছিল (তুংখাঙ্গীয়া বুৰঞ্জী, পৃঃ ৩৭)। নটিনীক চোৰাংচোৱা কাৰ্য্যতো নিয়োগ কৰা হৈছিল । প্রথম তুংখাঙ্গীয়া ৰজাৰ দিনত চেঙ্গধৰাৰ ভিতৰুৱা কথাৰ বুজ-বাজ লবলৈ দেবেৰাই—

 নটিনীক শিখাই বুজাই চেঙ্গধৰা বৰফুকনৰ ঠাইলৈ পঠাই দিলে, বোলে, নৰিয়া পৰিবৰ হয় নহয় জানি আহাগৈ।” নটিনীয়ে বন কৰিবৰ চলে চাই আহি বোলে, – “নৰিয়াৰ ধাৰনেহে থাকে।” এই কথা জানি চেঙ্গধৰাৰ পুতেক বৰফুকনক ডেবেৰাএ মাৰিলেনি আৰু গোমোথাকো মাৰিলে শিলেৰে খুন্দি চকু কাঢ়িলে। (অসম বুৰঞ্জী, পৃঃ১৩০ ১৩০)