সমললৈ যাওক

পৃষ্ঠা:অসমীয়া কথা সাহিত্য.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সামৰণি ৮৯ অনুপ্ৰেৰণাতো সংস্কৃতগন্ধী । ইয়াৰ হেতু সত্ৰীয়া ৰীতি আৰু সাহিত্য সংৰক্ষণশীল । সত্ৰৰ কৃত্রিম ভকতীয়া ভাষাত সি আজিকোপতি অবিচ্ছিন্নভাবে সংৰক্ষিত হৈ আছে ৷ ৰজাঘৰীয়া সহায়ত গঢ়ি উঠাত আৰু বিষয় বস্তুৰ ব্যৱহাৰিক জীৱনৰ লগত সম্পর্ক থকাত দ্বিতীয় বিধ গদ্য সংকীৰ্ণগণ্ডীৰ পৰা বৃহৎ পৰিসৰলৈ বিয়পি পৰিল ; লগে লগে প্রকাশ ভঙ্গীও সকলো সীমাবদ্ধতাৰ পৰা মুকলি হ'ল । বৃহত্তৰ সমাজৰ স্পৰ্শত পিছৰ বিধ গদ্যত বিচিত্র প্রকাশ ৰীতিৰ প্ৰয়োগ হ'ল। বাস্তৱ জগতৰ লগত পৰিচয় ঘটাত কাব্যক্রান্ত গাই লাহে লাহে অনাৱশ্যকীয় অলঙ্কাৰ বৰ্জ্জন কৰি চলিত ভাষাৰ সৰলতা, স্পষ্টতা আৰু সৰসতা গুণ ললে। ৰক্ষণশীলতা ত্যাগ কৰি ভাষাই উদাৰতাৰ পৰিচয় দিলে। পূর্বের প্রয়োজন হ'লেই সংস্কৃতৰ পৰা বিনা সংকোচে ধাৰ কৰাৰ নীতি প্ৰচলিত আছিল । তাৰ ঠাইত প্রতিবেশ আৰু প্ৰয়োজনলৈ লক্ষ্য বাখি অসমীয়া ভাষাই দাঁতিকাষৰীয়া দেশী-বিদেশী ভাষাৰ পৰা শব্দ, ধাতু, প্রত্যয় আনন্দেৰে আত্মসাৎ কৰিবলৈ ধৰিলে। তাৰে ফলত প্ৰচুৰ দেশজ আৰু আৰৱী-ফাৰ্চী আদি বিদেশী শব্দৰ আগমনত অসমীয়া ভাষা সমৃদ্ধিশালী আৰু শক্তিশালী হ'ল । দেশী-বিদেশী শব্দৰ সমন্বয়ত অভিনব মিশ্র শব্দমালাৰ ( Hybrids ) সৃষ্টি হ'ল ৷ শব্দ প্ৰয়োগৰ পূর্বৰৰ নীতি আছিল ‘একভাব, একশব্দ'। বিবিধ ভাষাৰ সহায়ত শব্দভাণ্ডাৰ চহকী হোৱাৰ লগে লগে একে অর্থ বুজাবলৈ স্থান অনুযায়ী বিভিন্ন প্রতিশব্দৰ প্ৰচলন হ'ল । ইয়াৰ হেতু বিৰক্তিকৰ পুনৰাবৃত্তিৰ পৰা গ্য ৰীতিয়ে পৰিত্ৰাণ পাই অপূৰ্ব্ব প্রকাশ শক্তি আৰু সাহিত্যিক সৌন্দৰ্য লাভ কৰিলে ।