সমললৈ যাওক

পৃষ্ঠা:অসমীয়া কথা সাহিত্য.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৬ অসমীয়া কথা সাহিত্য মহজবো জীন্ন, অক্ষৰো উৰা, ফটাচিটা জোবাদিয়া দেখি আৰু সকলোবোৰ মাটি মানুহ পীড়ব নামে নোলোৱাত হাল মৌলুক নামে ওলোৱাত মিথিলাৰ লগত অসমৰ বহু বিষয়ত মিল আছে। অন্য প্রসঙ্গত সেই কথা উল্লেখ কৰা হৈছে । তাতে সন্দিগ্ধ জন্মি শ্রীশ্রীলৈ জনালত শ্ৰীশ্ৰীৱে ধৰ্ম্মৰ্থানত অলিবন্ধ হোৱা যুক্তি নহয় যেন দেখি সকলোবোৰ মাটি মানুহ পীৰৰ ৰৌজা আৰু মোক্কাৰ নামে সিদ্ধান্ত মহজৰ পত্ৰ কৰি দিলে ৷ মাটিৰ নাম—চৌৰাচি খাতা পৰণাৰ আবঙ্গ মৌ তালুকৰ ধুচাই গ্ৰামৰ চাৰিহদৰ ভিতৰে পিয়লত পেড়া কাকতত মাটি মানুহ যি আছে সেইদৰে পেৰাৰ আচল কাটল সোধাই থাকিব ৷ আত বাজে ৰূপিত ফৰিঙ্গতি হাবি দলনি মাটি যি আছে পূর্বের নিবন্ধে দিলে। তাৰে ভিতৰত সন্দিকৈ বৰফুকনে দিয়া মাটি মানুহ যি আছে তাৰে সহিতে পাইক ২৫টা এই ধুচাই গ্ৰামৰ হদ্দ পশ্চিমে ৷ পূবে...নদি উত্তৰে সন্ধিকাৰি ৰাওজান দক্ষিণে কাৰিৰ জান আৰু মদন মোহন পৰগণাব ডিমু গাঞত দৰঙ্গি ৰজা চন্দ্ৰনাৰায়ণে দিয়া চাৰি হদৰ ভিতৰে মাটি ৩ বিহি পাই ৪৷৷ পোৱা ওঠাৰ পোৱা এই সকলেও পীৰৰ কাৰ্য্যত প্ৰবৰ্ত্তি থাকিব। ইহাৰ কৰ কাটল বেঠ বেগাৰ চোৰ চিনলা ধুমুসী মাৰ্চে৷ জলকৰ জবক্ষৰ চৌকি হাট ঘাট ফাট দান খুত ৰাজদণ্ড ব্যতিৰেকে সবাব পৰিত্যাগ হৈল ইয়াত কোনে৷ জনে অন্যথা নকৰিব ইতি শক ১৭২৬, ২১ মাঘ ।” অসমৰ সামাজিক বুৰঞ্জীত, বিশেষকৈ মাটি, খাজানা ৰাজহ, কৰকাটল সংক্রান্ত বিষয়ত, পেড়া কাকত সমূহৰ কিমান মূল্য সেই বিষয়ে সৰ্বেশ্বৰ শৰ্ম্মা কটকী দেৱে তেখেতৰ “অসমৰ পেড়া কাকত” শীর্ষক চিন্তাশীল প্ৰৱন্ধত আলোচনা কৰিছে ৷ কাকততেই পদ-পঞ্চক, বেঠ-বেগাৰ, চোৰ-চিনলা, ধুমুসী-মাচো, জলকৰ-জৱক্ষাব, হাট-খুত আদি ৰাজহ সম্বন্ধীয় বিভিন্ন পৰিভাষাৰ উল্লেখ আছে । ওপৰৰ