পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১ ) --ই যুক্তিসঙ্গত, নিশ্চিত হ'ব লাগিব যেতিয়ালৈকে অতঃকৰণ ইয়াত থিত নলয়, -ই আশাপ্ৰদ, সুখপ্ৰদ হ'ব লাগিব। আমি সোথ মই ক'ৰপৰা আহিছো? মই ইয়াত কিয়? মই কলৈ গৈছো? তেতিয়া গোটেই মানব জাতিয়ে উত্তৰ দিযে; ঈশ্বৰ; কিন্তু সেইদৰে উত্তৰ দিওঁতে প্ৰথম বাৰতকৈও টান কিছুমান প্ৰশ্ন তোলে। তেওঁ কোন? তেওঁ ক'ত আছে? তেওঁ আমাৰ কি ৰে? দ্বিতীয় প্ৰশ্ন কেইটাৰ সম্মুখিন হৈ আমি তেন্তে অসৎ উপায়েৰে জীৱন নিৰ্বাহ কৰিব লাগেনে? কেতিয়াও নহয়। প্ৰথমতে আমি উটি গৈছিলো, কোনো নিদ্ধাৰিত পথ নোহোৱাকৈ এতিয়া অন্ততঃ আমি জানো কোন পিনে বিচাৰি যাব লাগে; অৰ্থাৎ দূৰত আৰু আমাৰ ওপৰত। ঈশ্বৰক বিচাৰি যোৱাৰ আগতে কিবা যোগাৰ কৰিব লাগিবনে কি? এইটো নিশ্চয়কৈ মানসিক প্ৰৱতিৰ এটা প্ৰশ্ন। সোধা, তেতিয়া তুমি পাবা বিচাৰ, তেতিয়া তুমি পাবা। আঘাট কৰা, তেতিয়াই তোমালৈ মুকলি হব।