পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৯ ) ede ‘দমিনিক চাভিয় To তেওঁ এজন ডাঙৰ মানুহৰ পুত্ৰ নহয়। তেওঁৰ বাপেক মাক অতি দুখীয়া তেওঁলোকে নিজৰ পেতৰ নিমিত্তে অতি ৰাতি পুৱাৰ পৰা ৰাতি লৈকেকো কাম কৰিছিল। তেন্তে নিশ্চয় এইটো আসামৰ নিমিত্তে এটি ভাল আদৰ্শ হব। বিদেশত অনেক সন্তু লৰা আছে কিয়? কিয়নো সন্ত মাক বাপেক অলেখ। দমিনিকৰ মাক বাপেক ভাল খ্ৰ ষ্টিয়ান লোক আছিল। এই কাৰণে আমি আশা কৰো যেন কিছু মাহৰ পাছতে এই ১৫ বছৰীয়া লৰাটিয়ে সস্ত হৈ স্বৰ্গৰ পৰা আমাক অনেক কৃপা দান কৰিব। তেওঁ পাঁচ বছৰ বয়সতে মিচ্ছা সেৱা কৰিবলৈ ভালকৈ জানিছিল। জাৰ কি জহ কালিত তেওঁক সদায় অতি ৰাতি পুৱাতে গীৰ্জা ঘৰৰ দুৱাৰ মূখতে আ: কাঢ়ি প্ৰাৰ্থনা কৰি থকা দেখা পোৱা গৈছিল। ইয়াতেই বুজা যায় যে প্ৰথম পবিত্ৰ কমুন্ত গ্ৰহন কৰাৰ পাছত তেওঁৰ ঈশ্বৰৰ প্ৰতি অধিক ভক্তি হৈছিল। এদিন আবেলি দুমিনিকক ৰ’দত ফুৰি থকা দেখা পাই এজন ভদ্ৰ লোকৰ মৰম লাগি কলে " হে অকলে ২ এই বাটেদি ফুৰিবলৈ তোমাৰ ভয় লগা নাইনেনে এই কথাত মিনিকে উত্তৰ দিলে “ মই অকল নহয় মোৰ লগত সদায় এজন দূত থাকে এই কথাত ভদ্ৰলোক জনে পুনৰায় ফলে তুমি ইমান বাট নিতে অহা যোৱা কৰিলে ভাগৰিবা। গৰাকীয়ে মোক ভাল পূৰস্কাৰ দিলে ভাগৰিম কিয়? বুলি দামনিকে উত্তৰ দিলে। “ তোমাৰ গৰাকী কোন? মোৰ গৰাকী ঈশ্বৰ; সেই ঈশ্বৰ, সি কলে যি জনে তেওঁৰ নামত মুৰ দোৱায় ও পিয়াইত এটি পানী দিয়ে সিজনকো তেওঁ পুৰস্কাৰ দিব। হয়। মাতৃ সকল, তোমা লোকৰ সন্তান দমিনিকৰ নিচিনা হব নে? 3 66