পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেওঁৱেই আমাৰ গৰাকী এই কাৰণে তেওঁক মানি চলা উচিত, কিন্তু তেওঁ আমাৰ পিতৃও সেই গতিকে তেওঁক অৱশ্যে ভাল পাব লাগে। তুমি যদি কোনো এটা কাম কৰা সেই কামৰ ওপৰত তোমাৰ ক্ষমতা থাকিব। যদি তোমাৰ এটা লৰা থাকে তুমি তাক যি কোনো কাম কৰোৱাবলৈ তোমাৰ ক্ষমতা থাকিব। ধৰ্মই আমাক ইয়াকে শিক্ষা দিছে যে ঈশ্বৰে আমাৰ পৰা কি বিচাৰিছে আৰু আমি কেনেকৈ তেওঁৰ আদেশ পালন কৰি মানি চলা উচিত। ধৰ্য্য গোটেই পৃথিবীৰ সকলো জাতিৰ এনেক অসভ্যৰ মাজতো অতীজৰ পৰা আছে ও শেষলৈকো থাকিব। সেয়েই কোনো দুষ্ট লোকে বংশ কৰিব নোৱাৰিব। মানুহ মাত্ৰেই এদিন কলৈ যাব লাগিব বুলি ভাবি ঈশ্বৰ ও স্বৰ্গপথলৈ দৃষ্টি ৰখা উচিত। আমাৰ আত্মৰ ভিতৰত একুৰা পবিত্ৰ জুই জ্বলি আছে। সেই জুই কেতিয়াও বাহিৰ নহব। সেই জুই জ্বলি ২ আমাক কব আমি এই পৃথিবীৰ পত নহয়। আমাৰ আত্মা আছে—সেইয়েই পৰমাৰ্থিক আত্মা যিটো কেতিয়াও নমৰিবব। এই শিক্ষা পৃথিবীৰ সকলো ধৰ্ম্মতেই পোৱা যায়। সিবিলাক সকলোৱে শিক্ষাদিয়ে যে আমি ঈশ্বৰৰ পৰা আহিছে৷ পুনৰ তেওঁলৈ ফিৰি যাবলাগিব। কিন্তু সকলো ধৰ্ম্ম সত্য নে? সেই সকলো ভাল নে? সেইয়েই আমাক সৃষ্টিকৰ্তা পিতৃ ঈশ্বৰৰ ওচৰলৈ যাবলৈ সহায় কৰে নে? আমি ইয়াৰ উত্তৰ অহাবাৰৰ সংখ্যাত দেখিবলৈ পাম। অসমীয়াৰ বন্ধু।