পৃষ্ঠা:অশান্ত জন্মভূমি.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥অশান্ত জন্মভুমি॥

শুনো হাহাকাৰ চৌদিশে
অশান্ত জন্মভূমি,
সমাজ আকাশ ধোঁৱাময় আজি
জুই শিখা উঠে জ্বলি॥

অগনি জ্বলাই শান্তি ভূমিত
দূৰণিত সৌৱা কোন?
দহন জাৰণ যন্ত্ৰণা চাই
মিচিকি হাঁহিছেচোন,
খেলিছে ৰং ধেমালি;
সৌ চোৱা সৌ মুখাৰ আঁ‌ৰত
চাই আছে জুমি জুমি
অশান্ত জন্মভূমি॥

(হেৰা) দগ্ধ অৰ্দ্ধ দগ্ধ জন,
লোৱা চিনি দুবৃত্তজন।
জ্বলালে যিয়ে সমাজখন
তাৰ ডিঙিত লগাই জৰী
জয়ধ্বনিৰে টানি আনি তাক
জ্বলাই অগ্নিভূমিত
কৰা জনতাৰ বলি।
তেতিয়াহে হ’ব জুই শিখা শেষ
শীতল জন্মভূমি,
সমাজ আকাশ ফৰকাল হ'ব
উৰিব কপৌজনী॥