সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রকাশন পৰ্ষদ্‌

 বিভিন্ন বিষয়ৰ আবশ্যকীয় গ্রন্থ, প্রণয়ন সম্পাদন আৰু প্রকাশৰ ব্যৱস্থা কৰাৰ বাহিৰেও অসমৰ ন পুৰণি গ্রন্থকাৰসকলক গ্রন্থ প্রকাশত আৰ্থিক সাহায্য যোগোৱাৰ উদ্দেশ্যে অসম চৰকাৰে এখন প্রকাশন পৰ্ষদ্‌ (Publication Board) প্রতিষ্ঠা কৰে ১৯৫৮ চনৰ শেষ ভাগত। চলিত বছৰৰ পৰা প্রকাশন পৰ্ষদৰ কাম আৰম্ভ হৈছে।

 শিশু সাহিত্য, বিজ্ঞান, দৰ্শন, সাহিত্য-সংস্কৃতিৰ আলোচনা আদি বিবিধ বিষয়ৰ গ্রন্থ প্রণয়ন, অনুবাদ আৰু সম্পাদনাৰ কাম বৰ্ত্তমান প্ৰকাশন পৰ্ষদৰ হাতত লৈছে। প্রকাশন পৰ্ষদৰ প্রথম প্রকাশ ৰূপে চক্ৰৱৰ্ত্তী ৰাজা গোপাল আচাৰীৰ মহাভাৰতৰ অসমীয়া অনুবাদ, আৰু অসম ছাত্র সন্মেলনৰ প্রথম অধিবেশনৰ পৰা চৈধ্য জনা সভাপতিৰ অভিভাষণ “ভাষামালা” অলপতে প্রকাশ হব ।

 ইয়াৰ বাহিৰে প্রকাশন পৰ্ষদে প্রথম পৰ্যায়ত বিভিন্ন বিষয়ৰ,সৰু-বৰ একৈশখন পুথি প্রকাশৰ বাবে গ্ৰন্থকাৰ সকললৈ আৰ্থিক সাহাৰ্য্য আগ বঢ়াইছে।

 “অলকা” প্রকাশন পৰ্ষদৰ পৰা আৰ্থিক সাহায্য পোৱা পুথি সমূহৰ ভিতৰৰে এখন।

গুৱাহাটী ।
২৪।১২।৫৮
Sd/- শ্ৰীবিশ্ব নাৰায়ণ শাস্ত্ৰী
সচিব,প্রকাশন পর্ষদ, অসম
গুৱাহাটী