এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় অঙ্ক ঃ ৫ম দৃশ্য ]
৬১
| ভদ্ৰ — | তই মহাপণ্ডিতে ক, তই হে বৰ্হমাই আগেয়ে তিৰোতাক স্ৰজিলে বুলি বৰ কথা মাতিছিলি। |
| ব্যোম— | ক এতিয়া, কোনটোৱে কৱ নকৱ কিয়? |
| খড়গ — | যি হ'ল হ'ল আৰু, ব্যোমকায়ে ভেদ ভাঙি দিয়া। |
| ব্যোম— | জীৱ চাৰি মুঠি — উৰণ, বুৰণ, গমন, গজন। |
| আটাই কেউজনে— | অ' গজন, গজন! |
| ব্যোম — | গজন জীৱ ক'ৰ পৰা হ'ল। সৰহখিনি গুটিৰপৰা, গুটিৰপৰা গছ, গছৰপৰা গুটি, কচোন বাৰু তেন্তে গুটি আগ নে গছ আগ। |
| খড়গ — | গছ হে আগ গছ নহলে গুটি হ’ব ক'ৰপৰা? |
| ভদ্ৰ— | এ, এতিয়া কণী আগ নে চৰাই আগ? কণী আগ। |
| খড়গ— | কেনেকৈ হব অ’ -চৰাই আগ। |
| ভদ্ৰ— | কণী নুফুটাকৈ চৰাই ক'ৰ পৰা ওলাব অ’? |
| ব্যোম— | এ, এতিয়া মতা আগনে তিৰোতা আগ? |
| খড়গ — | বৰ্হমাই যাকে আগেয়ে স্ৰজিছে সেয়ে আগ। তিৰোতাক আগেয়ে স্ৰজিলে( অলপ ভাবি ) নহয় দুয়োটাকে একেলগে স্ৰজিলে। |
| ভদ্ৰ— | এটা আগ, এটা পিছ হ'বই হব। দুইটা কেতিয়াও সমান নহয়। |
| ব্যোম— | তহঁত নো কিমান পানীৰ মাছ অ'। পাণিনি ব্যাকৰণ নজনাকৈ যে ইমান বৰ কথা মাতহঁক। |