নাটকখনৰ মূলৰ আখ্যান মতে আকৌ নায়িকাৰ নামটো আছিল
‘মঞ্জুভাষা’ কিন্তু মঞ্জুভাষা সংস্কৃতত যিমানেই মৃদুমধুৰ নহওক অসমীয়াত
দেখোন কিবা খহটা যেন লাগে। অসমীয়া কাণৰ এই গুণতে কিম্বা দোষতে সৰ্ব্বনাম পদটোৰো লটিঘটি ঘটিল। অৱশ্যে অসমীয়া কাণৰ শ্ৰুতি কটু বোধেই তাৰ একমাত্ৰ কাৰণ নহয়। প্ৰথমে নাটকখন যেতিয়া “ৰামধেনুত” প্ৰকাশ হয়, তেতিয়া নামটো লৈছিল “হৰিণ চুমা”। পিছে এতিয়া “হৰিণ চুমা”ও হেনো অবাস্তৱ কথা, “অলকাতকৈও; এনেয়ে চুমা, তাতে আকৌ হৰিণক চুমা—কেনেবা কথা যেন লাগে। সেই দেখি এতিয়া সি ভাবাত্মক বাস্তৱ (Ideo-realistic) ‘অলকা’ নামটোকে লৈ ৰাইজৰ আগলৈ ওলাই আহিল।
আখ্যানটো উপনিষদৰ, কেতিয়াবাই পঢ়া। ৰিণিকি ৰিণিকি মনত আছিল তাৰে ক্ষীণ স্মৃতিটো, সম্প্ৰতি সেই স্মৃতিৰ সূত্ৰ ডালিকে লৈ নাটৰ ঘটনা আৰু চৰিত্ৰৰ মনি বিলাক কল্পনা পোৱালেৰে গঢ়া হল। সেই বিলাকৰ চৰিত্ৰ গত মূল্যৰ সম্বন্ধে লেখক সচেতন। নাটকৰ চৰিত্ৰ পৰিস্ফুট হয় ঘাইকৈ চৰিত্ৰ ক্ৰিয়াত (Actionঅত) ঘটনা বৈচিত্ৰ্যত, যিটোৰ অভাবেই হয়তো নাটকখনক প্ৰথমেই কোৱাৰ দৰে—‘না-টক, না-মিস্তিৰ’ শাৰীত নেপেলাই থকা নাই। ঈশ্বৰ আছে নে নাই বা থকাৰে প্ৰয়োজন আছেনে নাই—এই প্ৰশ্নটো কোন দেশৰ কোন যুগৰ মানুহৰ বা সকলো দেশৰ সকলো কালৰ মানুহৰ হয়নে নহয়, সি এটা বেলেগ প্ৰশ্ন—কিন্তু সেই প্ৰশ্নটোৰ সমন্ধ যে ৰহস্যময় হৈ আছে মানুহৰ চিৰন্তন হৃদয়ানুভূতিৰ লগতো, প্ৰেম প্ৰীতি প্ৰণয় ভালপোৱা দয়া ক্ষমাৰ লগতো তাক নুই কৰিব নোৱাৰি। গতিকে এই কথাটোৰ উত্থাপন কৰিবৰ অধিকাৰ সাহিত্যৰ