সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-৬ষ্ঠ দৃশ্য-

[ আলিবাটৰ কাষৰ এজোপা গছৰ তল।
দুজন আশ্ৰমৰ ছাত্ৰই সমিধ লৈ গছৰ
তলতে থিয় দিছেহি। এনেতে
তৃতীয় এজন সমিধ লৈ
হঠাৎ প্ৰবেশ। ]

৩য় ছাত্ৰ— ইস্ গাত গোসাঁই নাই ঐ, গোসাঁই নাই—ধুম-খুলি বাই ফুৰিছে।
১ম ছাত্ৰ— কাৰ গাত, কাৰ গাত নাই গোসাঁই?
২য় ছাত্ৰ— গোসাঁই তো সকলোৰে গাত আছে। ঋষি মুনি সকলোৱে এক বাক্যে কৈছে। আকৌ নো কাৰ গাত গোসাঁই নাইকিয়া হ'ল বন্ধু?
৩য় ছাত্ৰ— ঋষি-মুনিয়ে ক'লে কি হব? অগ্নিকুমাৰ নামৰ সেই ঋষিকুমাৰ জনৰ গাতে জুই লাগি—গোসাঁই নাইকিয়া হৈছে, শুনা নাই?
১ম ছাত্ৰ— তেওঁ তো চাৰ্ব্বাক। তেওঁলোকৰ তো গোসাঁই চোসাঁই নায়েই।
২য় ছাত্ৰ— ঈশ্বৰ নমনা ঋষি-গোত্ৰ এটা তো আছেই। তেওঁ গাত নহব তো গোসাঁই!
৩য় ছাত্ৰ— গোসাঁই নমনা ঋষি-গোত্ৰটোৱে তেওঁৰ দৰে চনমূৰ কুৰি হাবিয়ে বনণিয়ে পিপিনাই নুফুৰে। তেওঁ দেখিছো