১ম অঙ্ক 3 ওয় দৃশ্য ] a
অগ্নি -- সাক্ষাৎ সবন্বতী, তোমাক বলে পৰা টান৷ যোৱা" বাৰু তুমি পানী আন! গৈ, মই প্রস্থান কৰে আৰু
ইনানতে | মাধৱী--প্রণাম | অগ্নি _ প্রণাম!
( ছয়োবে। দুফালে প্ৰস্থান ) [ মাধৱী পানী ভৰাই উভতি আহে; চন্ত্ৰাৰ কাষত কলহ লৈ প্রবেশ ]
মাধৱী-- আজি আটাইকেইজনী ভাকলশবীয়া হলিহঁক কি a চন্দ্রা?
চন্দ্রা --অলকাক বিচাৰি নাপাই ৷
মাধৱী---অলক৷ আজি , কোনোবা পলকতে, আমি গম নোপোৱাকৈ অকলৈ আহি পানী লৈ গলহি নহয়, ময়ে| বিচাৰি নাপাই পিছত হে আহিছো |
চন্দ্ৰ _-মন কৰিছা নে বাইদেউ, অলকাই আজি-কালি কেনেকৈ টলকা মাৰি ভাবি থাকে। আজিয়েই নহয়, আৰু কেইবাদিনো আমাক এৰি থৈ, অকলৈ পানী আনিবলৈ গুচি গুচি আহিছে, মন কৰিছ৷ নে নাই ?
মাধৱী--কিয় নাই কৰা, আজি ধৰাই পৰিল নহয় । অগ্নি- কুমাৰো আহিছিল।
চন্দ্রা --হয়নে কি! পিছত, পিছত !
মাধরী__পিছত টো পিছত, আগতে বাক পানী বুৰাই আনাগৈ যোৱাচোন !