সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[ অলকা
 


অগ্নি– ( ওচৰত ফুলি থকা নাহৰ ফুললৈ আঙুলিয়াই ) মূল ? মূলৰ দৰ্কাৰ কি ? এই নাহৰ ফুলৰ গছৰ মাটি-তলত জানিবা মূল আছে, কিন্তু মানুহক মুগ্ধ কৰিছে কিহে অলকা ? এই ফুলবিলাকৰ সৌন্দৰ্য্যই, লাহ-বিলাহে, বতাহত ভাহি অহা সিহঁতৰ সৌৰভে হে, তাৰ শিপা ডালে তো নহয় । এই' সৌন্দৰ্য্যৰ কি সম্বন্ধ মূলৰ লগত ? অলকা—সম্বন্ধ নিশ্চয় আছে। মূল উঘলিলে ফুল ফুলিব জানো ? কলিতে লেবেলি শুকাই নেযাব নে বাৰু ? অগ্নি –সৌন্দৰ্য-বিকাশৰ লগত মূলৰ এক প্ৰকাৰ সম্বন্ধ থাকিলেও, সৌন্দর্য্য-উপভোগৰ লগত যে মূলৰ একো সম্বন্ধ নাই, মূলতে আছে মাত্র পঞ্চভূত । তালকা—পঞ্চভূতৰ নো মূল কি ? অগ্নি –তেন্তে তোমাৰ মূলৰো বাৰু মূল কি ? অলকা—মূলেই মূল, মূল হীন ফুল কেৱল আকাশ কুসুম। - অগ্নি – ( চমকি উঠি ) আকাশ কুসুম ! —তেন্তে ঈশ্বৰ বিহীনে এই জগত খনেই আকাশ কুসুম ! অলকা—আকাশ কুসুম ! অগ্নি —এই গছ লতা, জীৱ জন্তু, চৰাই চিৰিকতি সকলো আকাশ কুসুম ! অলকা—আকাশ কুহুম ! অগ্নি — তেন্তে অগ্নিৰ এই শৰীৰ, মন, জীৱন, যৌৱন সকলো আকাশ কুসুম !