এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৫০
[অলকা
আকাশ কুসুম নোহোৱা ৷ অলকা – সত্য। অগ্নি- সত্য! সত্য কি অলকা তেন্তে তুমি বাৰু কি ? অলকা—যি হব লাগে সেয়ে। মই তোমাৰ তুমি মোৰ এয়ে ৷ অলকা—এয়ে । অগ্নি— অলকাৰ ডিঙিত এখন হাত আৰু হৰিণ পোৱালীৰ ডিঙিত আনখন হাত থৈ হৰিণ পোৱালীটোক চুমা খায়। অলকাইও খায়। ) তই হৰিণ পোৱালী অলকা প্রিয় ভাষাহীন আশা হৰিণ মূৰতি হৰিণা নহৱ, সাক্ষাৎ শিৱ ! ( কবিৰ প্ৰবেশ ) কবি— এক অলকাই পোহাৰিছে মাথোঁ এখনি তোমাৰ হৃদয়-তল, ( আকাশলৈ আঙুলিয়াই ) কৌটি কৌটি সৌ তাৰকা-তলকা পোহৰ কৰিছে অতল-তল । অগ্নি— ( আকাশলৈ মূৰ ডাঙি উদ্বিগ্ন হৈ চায় ) কবি নিৰ্গুণ ঈশ্বৰ মনা নাই আগে অতদিন হায় নিদিল । তুমি আজি দেখা পালা আনন্দ ৰূপত প্ৰাণৰ আনন্দে হৰিণ চুমি । ( মালবীৰ প্ৰবেশ — অগ্নিক অলকাৰ পছম পাত প্রণয় পত্র দি )