এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম অঙ্ক ঃ ৩য় দৃশ্য ]
১৪৯
| অলকা — | ( বহে ) (আৰু হৰিণ পোৱালীটোৰ ওচৰ চাপি যায় ) দেহি মাকক ব্যাধে মাৰিলে। মাক নোহোৱা পোৱালী মাক নোহোৱা কেঁচুৱাৰ দৰে মাক থকা হ'লে কিমান মৰম কৰি গাখীৰ খুৱালেহেঁতেন।( পোৱালীটোৰ গাত হাত ফুৰাই আই ঐ দেহিকেনে ধুনীয়াটি! |
| অগ্নি— | বৰ ধুনীয়া। ইয়াৰ মাক মৰিল যদিও মই ইয়াৰ বাপেকৰ দৰেই হৈছোঁ। তুমি জানো ইয়াৰ মাক হব পাৰিবা? |
| অলকা— | (লাজকুৰীয়া ভাৱে ) মা-ক জানো, পাৰিম হবলা। |
| অগ্নি— | 'পাৰিম হবলা' কি, পাৰিবানে নোৱাৰা ঠিক কৈ নোকোৱা কিয়? |
| অলকা— | কিয়নো নোৱাৰিম? |
| অগ্নি— | ( অলকালৈ আগ্ৰহেৰে চাই ) অলকা! মই ইয়াৰ বাপেক হলেও তুমি তাৰ মাক হবা? আহা হা! তুমি তেন্তে মোলৈ “আকাশ কুসুম” নোহোৱাঁ অলকা! |
| অলকা— | ( তলমূৰ কৰে ) |
| অগ্নি— | নামাতা দেখোন অলকা। কোৱা তুমি মোলৈ এতিয়াও আকাশ কুসুম হয় নে নহয়? |
| অলকা— | নহয়। |
| অগ্নি— | নহয়! নহয়! অলকা “আকাশ কুসুম', নহয়। স্বৰ্গ ঢুকি পালো অলকা! তেন্তে তুমি আৰু মোলৈ |