এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম অঙ্ক ঃ ২য় দৃশ্য ]
১৪৭
অলকা—নিশ্চয় পালিম। মই কালিলৈ সন্ধিয়াই গোসাঁইৰ আগত চাকি দি তাক লৈ যামহি।
অগ্নি—— এতিয়া তেন্তে তুমি যোৱাই আৰু?
অলকা—এতিয়া মই পানী বুৰাই লৈ ঘৰলৈ যাব লাগিব—এতিয়া তেন্তে প্ৰণাম হে। অলকা যাবলৈ ধৰে )
অগ্নি— বাৰু যোৱা কালিলৈ তেন্তে হৰিণ পোৱালী তুমি নিবাহি বুলি আৰু মই প্ৰস্তুত থাকিম।
অলকা—( যাওঁতে যাওঁতে) প্ৰস্তুত থাকিবা।
অগ্নি— ময়ো পোৱালীটোৰ গুৰিলৈকে যাওঁ।
প্ৰস্থান
পট পতন
⸻