সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮
[অলকা
 


গুচে এডোখৰ কেঁচা সোণ যেন জীৱ লগা হৈ পৰিছে। মদনে দেখি মোক খাই মাৰিছে। তাক

হেনো উমলিবলৈ হৰিণ পোৱালীটো লাগে। অগ্নিকুমাৰে হৰিণ পোৱালীটো হিয়া উবুৰিয়াই ভাল পাইছে, তাক তোমাৰ বাহিৰে আনে খুজিলে কেতিয়াও নিদিব যেন লাগে। তুমি যদি হৰিণ পোৱালীটো খুজি আনিব পাৰা তেন্তে মদনে তোমাৰ লগত সময়ে সময়ে হৰিণ পোৱালীটোৰ লগত উমলিবহি পাৰিব।

অলকা— হৰিণ পোৱালীটো মই খুজিলে মোক জানো দিব বাৰু?
মালবী— তোমাক নিশ্চয় দিব। তোমাক দিব পাৰিলে অগ্নিকুমাৰে কিজানি উশাহ হে পাব। বেচেৰা সদায়

অধ্যয়নত মগ্ন। হৰিণ পোৱালীটো পাবৰ পৰা পঢ়া-শুনা সোপাই গৈছে, তোমাক গতাব পাৰিলে নিশ্চয় ৰক্ষাহে পাব তাতে অগ্নিয়ে তোমাক যে কিমান ভাল পায়! তুমি হৰিণটো খুজি নানিলেই নহয়, মদনে মোক বৰ আমনি দিছে।

অলকা— বাৰু মই কালিলৈ আবেলি পৰতে কুমাৰৰ পুখুৰীৰ পাৰলৈ হৰিণটো খুজিবলৈ যাম। নিদিলে বৰ

লাজত পৰিব লাগিব!

মালবী— তোমাক দিবই দিব, 'নহলে মোৰ নাম সলাবা।'