সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
[অলকা
 


কবি— সেই দিনাই পালে নে কেতিয়া পালে কব নোৱাৰোঁ। পোৱালীটোৰ মাকজনীক ব্যাধে মাৰিলে বুলি কৈছে।

অগ্নিয়ে কিন্তু হৰিণ পোৱালীটোক হিয়া উবুৰিয়াই মৰম কৰিছে। অলকাৰ প্ৰেম গোটেইখিনি যেন তাকেহে বাকি দিছে। এতিয়া তুমি যদি অলকাক এই হৰিণ পোৱালীটো খুজি নিবলৈ অগ্নিৰ ওচৰলৈ পঠিয়াই দিব পাৰাঁ, তেনেহলেই সোণত সুৱগা চৰিব। অলকাই যদি অগ্নিক স্বয়ং আহি হৰিণ পোৱালীটো খোজেহি, অগ্নিয়ে স্বৰ্গ ঢুকি পাব। অলকাই ও হৰিণ পোৱালীটো দেখিলে মৰমতে পমি যাব।

মালবী— ঠিক কৈছা। অলকা অগ্নিক পৰস্পৰৰ লগত মিলাই দিবৰ এইটোৱেই সোণালী সুবিধা।
কবি— সোণালী সুবিধা! দুয়ো দুয়োক যেতিয়া প্ৰাণ ভৰি ভাল পায়। এই ছেগতে পৰস্পৰে পৰস্পৰক

হৃদয়ৰ ভাব ও অলপ নহয় অলপ আকাৰে ইঙ্গিতে হলেই সাল-সলনি কৰিবই কৰিব। অগ্নিয়ে এতিয়া-লৈকে বুজিব পৰা নাই, বিশ্বাস কৰিব পৰা নাই,বিশ্বাস কৰিবৰ সুচল পোৱা নাই যে অলকাইও তেওঁক তেওঁৰ দৰেই হিয়া উবুৰিয়াই ভাল পায়। এইকুৰা জুইয়েইতো অগ্নিক পুৰি মাৰিছে। অলকাৰ পত্ৰখনি অগ্নিক দি দিয়াতকৈ এইদৰে