সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪র্থ অঙ্ক ঃ ৫ম দৃশ্য ]
১৩১
 


সুন্দৰ, তুমি অনন্ত নৱ বসন্ত, তুমি বসন্ত সভাৰ।
মদন— মই বসন্ত! ম‍ই তেন্তে বসন্তৰ দৰে বনে বনে

গোটেইখনতে ওলাই ফুৰোঁগৈ।

মালবী— ক'ত বনে বনে ওলাই ফুৰগৈ?
কবি— ফুৰক গৈ দিয়া, - অগ্নিকুমাৰে এটা সুন্দৰ হৰিণ

পোৱালী আনিছে—তেওঁৰ পুখুৰীৰ পাৰতে কোমল দুবৰি ঘাঁহ খুৱাই আছে, তাকে মদনে চাওক গৈ দিয়া।

মদন— ( উল্লাসিত হৈ ) হৰিণ পোৱালী! পুখুৰীৰ পাৰত

হৰিণ পোৱালী চাওগৈ ম‍ই। ( লৰ মাৰে )

[ মালবীয়ে মদন যোৱা চাই মিচিকীয়াই হাহেঁ ]

মালবী— অগ্নি কুমাৰে হৰিণ পোৱালী এটা আনিছে নেকি?

সিদিনা ব্যাধৰ লগত মৃগয়া কৰিবলৈ সৰস্বতীৰ পাৰ ওলাইছিলগৈ নহয়। অলকা আৰু সখীয়েকহঁতে তাতে। ম‍ই বসন্তৰ নাচ আৰম্ভ কৰিবলৈ ধৰোতেই—আমাৰ আগেদিয়েই হৰিণ এটা জঁপিয়াই পানীত পৰিলগৈ। ব্যাধৰ কাঁড় ডাল আহি আমাৰ ওচৰতে পৰিল।

কবি— কাঁড় অগ্নি কুমাৰে মৰা নাই হবলা?
মালবী— অগ্নি কুমাৰে হৰিণলৈ কাঁড় মৰা নাই, কিন্তু অলকালৈ

হলে চকুৰ কাঁড় এপাত মাৰিলে। সেই দিনাৰ মৃগয়াত সেই হৰিণ পোৱালীটো পালে নেকি?