[ কুঞ্জকুটীৰৰ সমুখ, মালবী এখন বেদীত বহী আছে,
মদন ওচৰতে ঠিয় হৈ আছে ]
| মালবী—
|
মদন, তই পিছে বসন্তৰ ঘৰত কি দেখিলিগৈ?
|
| মদন—
|
বসন্তৰ ঘৰ নাই নহয় আই, কবি গুৰুৱে কৈছে
এই গোটেইখনেই বসন্তৰ ঘৰ, বসন্ত আহিছে গছে-
ফুলে, লতাই-পাতে গোটেইখন হেঙুলী কৰি আম
গছৰ নতুন নতুন কুঁহি পাত মেলি, আম কঁঠাল
মলিয়াই মলিয়াই। আকৌ বোলে আহিছে কুলিৰ
লগত— “কুউকুৱাই” – কেতেকীৰ লগত “অ” কেতেকী
অ' কেতেকী”কৈ মাতি।
|
| মালবী—
|
তই, তই একা, তই বাৰু কাৰ লগত আহিলি?
|
| মদন—
|
মই? মই বাৰু কাৰ লগত আহিলোঁ তুমি কোৱাচোন
আই—
|
| মালবী—
|
তয়ো বসন্তৰ লগতে আহিলি, মদন।
|
| মদন—
|
ক'ৰ পৰা? বসন্তৰ লগত ক'ৰ পৰা আহিলো মই?
|
| মালবী—
|
তই মোৰ বুকুতে লুকাই থাকি বুকুৰে পৰা আহিলি,
মোৰ বুকুৰে পৰাই।
|
| মদন—
|
সঁচাই নে আই, মই তোমাৰ বুকুতে লুকাই আছিলো?
|