সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫ম দৃশ্য

[ কুঞ্জকুটীৰৰ সমুখ, মালবী এখন বেদীত বহী আছে, মদন ওচৰতে ঠিয় হৈ আছে ]

সময়—আবেলি

মালবী— মদন, তই পিছে বসন্তৰ ঘৰত কি দেখিলিগৈ?
মদন— বসন্তৰ ঘৰ নাই নহয় আই, কবি গুৰুৱে কৈছে

এই গোটেইখনেই বসন্তৰ ঘৰ, বসন্ত আহিছে গছে- ফুলে, লতাই-পাতে গোটেইখন হেঙুলী কৰি আম গছৰ নতুন নতুন কুঁহি পাত মেলি, আম কঁঠাল মলিয়াই মলিয়াই। আকৌ বোলে আহিছে কুলিৰ লগত— “কুউকুৱাই” – কেতেকীৰ লগত “অ” কেতেকী অ' কেতেকী”কৈ মাতি।

মালবী— তই, তই একা, তই বাৰু কাৰ লগত আহিলি?
মদন— মই? মই বাৰু কাৰ লগত আহিলোঁ তুমি কোৱাচোন

আই—

মালবী— তয়ো বসন্তৰ লগতে আহিলি, মদন।
মদন— ক'ৰ পৰা? বসন্তৰ লগত ক'ৰ পৰা আহিলো মই?
মালবী— তই মোৰ বুকুতে লুকাই থাকি বুকুৰে পৰা আহিলি,

মোৰ বুকুৰে পৰাই।

মদন— সঁচাই নে আই, মই তোমাৰ বুকুতে লুকাই আছিলো?