এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
—২য় দৃশ্য—
[স্বৰস্বতী নদীৰ ওচৰৰ হাবি। হাবিৰ মাজৰ বাটেদি ধনু-কাঁড়
লৈ ব্যাধে হৰিণ জুমি-জুমি ফুৰি মৃগয়াৰ বিবিধ নৃত্য-ভঙ্গীৰে
ইঙ্গিত কৰিছে। এনেতে ওপৰেদি এজাক কাম চৰাই উৰি
গৈছে । ব্যাধে ধনুৰ কাঁড় এৰি দি দুই এটা চৰাই
মাটিত পেলাইছে। তাৰ পাচত চৰাই কেইটা
ৰুটলি লৈ আনন্দত হাহি-হীহি একে
ঠাইতে থ,পাই থৈছে। চৰাই
এটা হাতত লৈ কৈছে]
| ব্যাধ— | কেনে ? আকাশ গোটেই খন ছিৰাছিৰ কৰি ফুৰিছিলি⸺এতিয়া ? |
[ এনেতে কেইবাটাও শিঙাল পহু তাৰ আগেদিয়েই জপিয়াই লৰি-লৰি হাবিত সোমায় আৰু নেদেখা হয়। সি চৰাই এৰি থৈ পহুৰ পাছে পাছে খেদি হাবিত সোমাই নেদেখা হৈ যায়।]
পট পতন