এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪র্থ অঙ্ক : ২য় দৃশ্য ]
১১৯
| মাধবী— | থ, থ, তন্দ্ৰাৰ কথা হৈছে অলকাৰ ছাঁটো হৈও সৰস্বতীৰ পাৰত গৈ কেনেবাকৈ অগ্নিকুমাৰ আহে যদি গাটোকে দেখুৱায় আহেগৈ। |
| তন্দ্ৰা— | অগ্নি কুমাৰক গা দেখুৱায় তন্দ্ৰায় নে মাধবী বাইদেৱে? অগ্নিকুমাৰৰ লগত এঘটি দুঘটিকৈ চুপতি মাৰে কোনে? |
| চন্দ্ৰা— | অগ্নিকুমাৰ হ'ল - অলকাৰ, মাজতে মাধবী তন্দ্ৰাৰ সতিনী যুঁজখন দেখিলে—মোৰ হাঁহিহে উঠে। |
| তন্দ্ৰা— | তই যে পোনেই লোকক সতিনী জোৰাই দিলি,তই নো কি? তয়ো হ'বলা অলকাৰ লগত অগ্নিকুমাৰক দেখিলে তলকামাৰি চাই নাথক? পাৰিলে তইহে যেন অগ্নিকুমাৰক বৰগৈ। |
| মাধবী— | বাৰু থোৱাঁ, অগ্নিকুমাৰক তোমালোকে বৰাটো। কবিয়ে বোলে অলকালৈ এতিয়া প্ৰস্তাৱ দিবহিয়েই।অলকাই তলকা মাৰি মাৰি ইমান দিনৰ মূৰত তেওঁ ভাল চেতনা পালে। |
| চন্দ্ৰা— | তন্দ্ৰাৰ পিছে কি হ'ব? |
| মাধবী— | তন্দ্ৰা, তন্দ্ৰা যাব। |
| তন্দ্ৰা— | তুমি? তুমি বসন্তৰ মাধৈ মালতী হৈ ভোমোৰা মাতিবা। |
| চন্দ্ৰা— | বাঃ, মই কৰিম কি পিছে? |
| তন্দ্ৰা— | তুমি জোনাক ঢালি সৰস্বতীৰ পাৰত জোনাকী আমোল পাতি প্ৰাণ বল্লভক ধিয়াই থাকিবা, ওলাবহি কেনোবা বল্লভ। |