সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪র্থ অঙ্ক : ২য় দৃশ্য ]
১১৯
 


মাধবী— থ, থ, তন্দ্ৰাৰ কথা হৈছে অলকাৰ ছাঁটো হৈও সৰস্বতীৰ পাৰত গৈ কেনেবাকৈ অগ্নিকুমাৰ আহে যদি গাটোকে দেখুৱায় আহেগৈ।
তন্দ্ৰা— অগ্নি কুমাৰক গা দেখুৱায় তন্দ্ৰায় নে মাধবী বাইদেৱে? অগ্নিকুমাৰৰ লগত এঘটি দুঘটিকৈ চুপতি মাৰে কোনে?
চন্দ্ৰা— অগ্নিকুমাৰ হ'ল - অলকাৰ, মাজতে মাধবী তন্দ্ৰাৰ সতিনী যুঁজখন দেখিলে—মোৰ হাঁহিহে উঠে।
তন্দ্ৰা— তই যে পোনেই লোকক সতিনী জোৰাই দিলি,তই নো কি? তয়ো হ'বলা অলকাৰ লগত অগ্নিকুমাৰক দেখিলে তলকামাৰি চাই নাথক? পাৰিলে তইহে যেন অগ্নিকুমাৰক বৰগৈ।
মাধবী— বাৰু থোৱাঁ, অগ্নিকুমাৰক তোমালোকে বৰাটো। কবিয়ে বোলে অলকালৈ এতিয়া প্ৰস্তাৱ দিবহিয়েই।অলকাই তলকা মাৰি মাৰি ইমান দিনৰ মূৰত তেওঁ ভাল চেতনা পালে।
চন্দ্ৰা— তন্দ্ৰাৰ পিছে কি হ'ব?
মাধবী— তন্দ্ৰা, তন্দ্ৰা যাব।
তন্দ্ৰা— তুমি? তুমি বসন্তৰ মাধৈ মালতী হৈ ভোমোৰা মাতিবা।
চন্দ্ৰা— বাঃ, মই কৰিম কি পিছে?
তন্দ্ৰা— তুমি জোনাক ঢালি সৰস্বতীৰ পাৰত জোনাকী আমোল পাতি প্ৰাণ বল্লভক ধিয়াই থাকিবা, ওলাবহি কেনোবা বল্লভ।