এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪র্থ অঙ্ক : ১ম দৃশ্য ]
১১৫
| কবিয়ে দেখোন ঋষিৰ আগত প্ৰস্তাৱ দিলেই হয়। |
| কবি— | অগ্নিক নাস্তিক গুচাই মইনো ক'ত আস্তিকটো কৰিব পাৰিছো। পিছে অলকাৰ মাতৃয়ে অলকাৰ এই পত্ৰৰ কথা কব পাৰেনে নোৱাৰে। তুমি এই পত্ৰ কেনেকৈ পালা? |
| মালবী— | অলকাৰ সখীয়েকহঁতত বাজে এই প্ৰণয় পত্ৰৰ কথা কেওঁ নেজানে। মই এই পত্ৰৰ কথা কাৰো আগত ঘুণাক্ষৰেও উলিয়াবলৈ তেওঁলোকক মানা কৰি দিছোঁ। |
| কবি— | অলকাৰ আগতো? |
| মালবী — | অলকাই এই পত্ৰ মনে মনে পুখুৰী পাৰত বহি লিখিছিল। সখীয়েক তন্দ্ৰাই আহি ধৰা পেলালত দুয়োৰে পত্ৰলৈ কঢ়া-আজোৰা আৰু জোটা-পুটি লগাত ছিন্ন পত্ৰ অলকাই পুখুৰীত পেলাই দিয়ে। অলকাই মনৰ আৱেগত পত্ৰ লিখিছিল যদিও
পিছত অধৰ্ম্ম হয় বুলি পিতৃ-মাতৃৰ অজ্ঞাতে এই পত্ৰ অগ্নিক দিবলৈ সংকুচিত হ'ল, হৈ পুখুৰীত পেলাই দিলে। পিছত অলকা যোৱাৰ পিছত আবেলি পৰত তন্দ্ৰাই আহি সেই ছিন্ন পত্ৰ পুখুৰীৰ পৰা আনি পুনৰ ভালকৈ জোৰাই পেলায়হি।এনেতে মই গৈ পুখুৰীৰ পাৰত ওলোৱাত তন্দ্ৰাই মোক এই পত্ৰ দিয়ে আৰু মই তোমাৰ জৰিয়তে |