সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
৯০
 

পৰ্ব্বদিনবোৰত লঘোন দিছিল ৷ . গান্ধীজীয়ে লঘোন দিয়াৰ উপকাৰিতা মাকৰ পৰা শিকে।

 তেওঁলোক জাতিত বৈশ্য আৰু ধৰ্ম্ম বিশ্বাসত বৈষ্ণৱ আছিল। তেওঁলোকে মাছ-মঙ্গহ নাখাইছিল। বিশেষকৈ মাংসৰ প্ৰতি তেওঁলোকৰ ঘৃণাৰ ভাৱ অধিক আছিল

 লৰাকালত গান্ধীজীয়ে সঙ্গদোষত পৰি দুটা-এটা দোষৰ কাম যে কৰা নাছিল, এনে নহয় ৷ কিন্তু তেওঁ দোষ স্বীকাৰ কৰি স‍ৎ সাহস দেখুৱাইছিল আৰু তাৰ বাবে যথাযোগ্য শাস্তি মূৰ পাতি লৈছিল। বাপেক-মাকে এই কাৰণে তেওঁক বৰ মৰম কৰিছিল । তেওঁলোকৰ মৰমে গান্ধীজীৰ অন্তৰৰ সকলো মলি ধুই নিকা কৰিছিল । প্ৰেম আৰু অহিংসাৰ শক্তি তেওঁ সৰুতেই বাপেক- মাকৰ পৰা সংগ্ৰহ কৰে।

 গান্ধীজীয়ে সেই ঠাইৰ ৰীতি অনুযায়ী তেৰ বছৰ বয়সতে বিয়া কৰায়। তেওঁৰ পত্নীৰ নাম কস্তুৰী-বাঈ । তেওঁলোক প্ৰায়েই সমান বয়সৰ আছিল । পবিত্ৰ জীৱন আৰু সাধু চৰিত্ৰৰ কাৰণে কস্তুৰীবাঈ জগতৰ এগৰাকী সৰ্ব্বশ্ৰেষ্ঠ মহিলা । স্বামীৰ প্ৰতি তেওঁৰ ভক্তিৰ, স্বামীৰ উদ্দেশ্য আৰু লক্ষ্যৰ প্ৰতি তেওঁৰ গভীৰ নিষ্ঠাৰ জগতত তুলনা নাই । গান্ধীজীয়ে তেওঁৰ সম্পৰ্কে কৈছিল—

 “অসীম ধৈৰ্য্য আৰু সহনশীলতাৰ কাৰণে আমাৰ কেতিয়াবা দন্দ লাগিলে সদায় কস্তুৰীবাঈহে জিকিছিল।”

 সোতৰ বছৰ বয়সত গান্ধীজীয়ে প্রবেশিকা পৰীক্ষা পাচ -কৰে। কুৰি বছৰ বয়সত তেওঁ বাৰিষ্টাৰি পঢ়িবলৈ বিলাতলৈ