সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অমৰ কাহিনী
৭৬
 

হিন্দু শাস্ত্ৰৰ শ্লোক মাতি আৰু মুছলমানক ধৰ্ম্মোপদেশ দিবৰ সময়ত কোৰাণ চৰিফৰ চুৰা মাতি উপদেশ দিছিল। অনেক হিন্দু- মছলমানে তেওঁত শৰণ লয় আৰু অনেকে শৰণ লবৰ কাৰণে উধাতু খাই লৰি আহে। এইৰূপ অগণন ভক্তৰ সমাগমত কৰ্ত্তাৰপুৰ পবিত্ৰ তীৰ্থক্ষেত্ৰত পৰিণত হয়; আৰু ভক্ত সকলে তেওঁৰ মধুৰবাণী শুনি পুণ্য আৰু শান্তি লাভ কৰে।

 মদনা, বালসিন্ধু ৰামদাম আৰু লহনা এই চাৰিজন নানকৰ অতি প্ৰিয় শিষ্য, প্ৰিয় সহচৰ আৰু প্ৰিয় ভক্ত আছিল। সবাতোকৈ লহনাৰ ভক্তি, শ্ৰদ্ধা আৰু ধৰ্ম্ম ভাৱ প্ৰবল দেখি তেওঁক নানকে পুতেকতকৈয়ো অধিক স্নেহ কৰিছিল। মৰিবৰ সময়ত নানকে তেওঁক গুৰু অঙ্গদ নাম দি শিখ ধৰ্ম্মৰ নেতা পাতি থৈ যায়। এওঁৰ বংশৰ নজন শিখবিলাকৰ ধৰ্ম্ম গুৰু আছিল।

 শখ বিলাক আদিতে অতি শান্তিপ্ৰিয় আছিল। কিন্তু পাছলৈ মোগল সম্ৰাট সকলৰ উৎপীড়ণত যুদ্ধ প্ৰিয় হৈ উঠিছিল। দশম গুৰু গোবিন্দ সিংহই যুদ্ধ বিদ্যা শিখ ধৰ্ম্মৰ অঙ্গীভূত কৰে। তেতিয়াৰ পৰা শিখ বিলাক যুদ্ধ বিদ্যাত পাৰ্গত হৈ উঠে। তেতিয়াৰ পৰা নামৰ পাছত তেওঁলোকে সিংহ উপাধি লিখে আৰু ‘পঞ্চ প্ৰথা’ ধৰ্ম্মৰ অঙ্গীভূত কৰে। কেশ, কচ্ছ, কাঙ্খা, কৃপাণ আৰু কাৰা এই পাঁচবিধ অলঙ্কাৰ শিখ বিলাকৰ ধৰ্ম্মৰ অঙ্গ আৰু ইয়াকে তেওঁলোকে ‘পঞ্চ প্ৰথা' বোলে।

 ১। কেশ— প্ৰত্যেক শিখেই মূৰত দীঘল চুলি ৰাখিবলৈ ধৰ্ম্মতঃ বাধ্য।