কিজানি বিয়া-বাৰু কৰালে পুতেকৰ ধন-বিতলৈ মায়া হয় আৰু সাংসাৰিক কাম-কাজত মন বহে, ইয়াকে ভাবি বাপেকে সুলখনা নামে এজনী ধুনীয়া ছোৱালী বিয়া কৰাই দিলে ৷ কিন্তু বিয়াৰ পাচতো তেওঁৰ প্ৰকৃতিৰ একো পৰিবৰ্ত্তন দেখা নগল । তেতিয়াও তেওঁৰ উদাসীন ভাৱ দেখি সকলো হতাশ হল।
বিয়াৰ পাছতো কিছুদিন তেওঁ সেই দোকান চলাই আছিল। কিন্তু এদিনৰ এটা ঘটনাই তেওঁৰ জীৱনৰ গতি তেনেই ফিৰালে । এদিন এজন সন্ন্যাসী তেওঁৰ দোকানত সোমাই তেওঁক কলে – “নানক! ভগবানে তোমাক মহৎ কাৰ্য্য কৰিবলৈ সংসাৰলৈ পঠিয়াইছে। তুমি ঈশ্বৰৰ প্ৰিয় কাৰ্য্য নকৰি এই দৰে সময় নষ্ট কৰিছা কিয় ?”
এই কথা শুনি তেওঁ লৰা-তিৰোতা দোকান-পোহাৰ যেনে আছিল, তেনে ভাৱে এৰি গুচি গল । তেতিয়া তেওঁৰ বয়স ত্রিশ বছৰ। তেওঁৰ দুটি পুত্রসন্তান হৈছিল ৷ সুলখনা থাউকাল যুৱতী ।
নানকৰ অদ্ভুত আকৰ্ষণী শক্তি আছিল । তেওঁলোকৰ চাকৰ বালসিন্ধু তেওঁৰ ভ্ৰমণৰ সঙ্গী হল ! মৰ্দ্দনা মিৰাচী নামে এজন বংশৰ মানুহে তেওঁক ঘৰলৈ ঘূৰাই আনিবৰ কাৰণে বিচাৰি গৈছিল; কিন্তু ঘূৰাই অনা দূৰৰ কথা, তেৱোঁ সংসাৰ এৰি নানকৰ লগ ললে ।
নানকে এই সঙ্গী দুজনৰে সৈতে অনেক ঠাই ফুৰিলে। তেওঁ লঙ্কাদ্বীপ, কাবুল, পাৰস্য আৰু মক্কালৈ গল । অনেক সাধু-ফকিৰ আৰু পণ্ডিতৰ লগত ধৰ্ম্ম শাস্ত্ৰৰ আলোচনা কৰিলে।