নাই।” বাপেকে পুতেকৰ এইবোৰ কথাৰ মৰ্ম্ম বুজি নাপায়; কিন্তু নানকক অকৰ্ম্মণ্য বুলি গালি-শপনি দিয়ে।
এবাৰ বাপেকে বালসিন্ধু নামে এজন লগুৱা আৰু কিছু টকা দি নানকক বেপাৰ কৰিবলৈ পঠাইছিল। তেওঁলোক কিছু দূৰ গৈ এদল সন্ন্যাসী লগ পালে। সন্ন্যাসীবোৰক দেখি নানকে বাপেকৰ সকলো উপদেশ পাহৰি গল। তেঁও তেওঁলোকৰ লগত ধৰ্ম্মালোচনা কৰিবৰ মনেৰে ওচৰলৈ গল। তালৈ গৈ তেঁও জানিব পাৰিলে যে, সন্ন্যাসী কেইজন তিনি দিন লঘোনে আছে। তেওঁলোক ভোকত কাতৰ। নানকে বেপাৰ কৰিবলৈ দিয়া ধন তেনেই খৰচ কৰি সন্ন্যাসী কেইজনক খুৱালে। তেওঁলোকে সুস্থিৰ হৈ নানকৰ লগত অনেক ধৰ্ম্ম কথা পাতিলে। মধুৰ ধৰ্ম্মোপদেশ শুনি নানকৰ অপাৰ আনন্দ হল।
আন এদিন হাতত টকা-কড়ি নথকাত হাতৰ সোণৰ আঙুঠি বিক্ৰী কৰি এজন সন্ন্যাসীৰ সেৱা কৰিলে।
বাপেকে এইবোৰ কথাৰ গম পাই নানকক গালি-শপনি দি ঘৰৰ পৰা উলিয়াই খেদিলে।
গাওঁৰ এজন চহকী মানুহে নানকৰ ভাৱ-গতি দেখি বৰ মৰম কৰিছিল। তেওঁৰ বৈনায়েক দৌলৎ খাঁ লোডিৰ সৈন্য বিভাগৰ ৰচদ যোগনীয়া আছিল। তেওঁ নানকক বৈনায়েকৰ ওচৰলৈ পঠিয়ালে। তাত তেওঁৰ অনুগ্ৰহত নানকে এখন সৰু দোকান চলোৱাৰ ভাৰ পালে। তাতো তেঁও যি উপায় কৰিছিল, সকলো খিনি সাধু-ফকিৰৰ সেৱাত খৰচ কৰিছিল।