“হেৰ লৰা! তই কি কৰিছ?” নানকে কলে—“দেউ! আপুনিনো কি কৰিছিল?” বামুণজনে কলে—“সেই কথা তোক কেলেই? মই পৰলোক হোৱা পিতৃ-পুৰুষ সকলৰ তৰ্পণ কৰিছিলোঁ।” নানকে তেতিয়া কলে—“মই মোৰ তালবন্দীৰ শাক-তলীত পানী দিছিলোঁ।” বামুণ জনে কলে— “হেৰ নিৰ্ব্বোধ। তালবন্দী ইয়াৰ পৰা প্ৰায় এমাইল দূৰত। ইয়াৰ পৰা পানী ছটিয়ালে তাত পৰিব কিয়?” তেতিয়া নানকে কৈছিল—“দেউ। নিৰ্ব্বোধ তুমি নে মই? যদি মই সিঁচা পানীয়ে এমাইল দূৰত থকা শাকৰ পিয়াহ গুচাব নোৱাৰে, তেন্তে তুমি সিঁচা পানীয়ে কোটি যোজন দূৰত থকা তোমাৰ পিতৃ-পুৰুষ সকলৰ পিয়াহ কেনেকৈ গুচাব?” নানকৰ কথা শুনি বামুণ জনে নেমাতি গুচি গৈছিল।
বয়স বাঢ়ি যোৱাৰ লগে লগে নানকৰ ধৰ্ম্মভাৱ ক্ৰমে বাঢ়ি আহিল। সাংসাৰিক কাম-কাজত তেওঁৰ মন নবহা হল। সন্ন্যাসী-ফকিৰ পালে তেওঁলোকৰ লগত কথা পাতি সময় কটাব ধৰিলে। নানকৰ এনে ভাৱ-গতি দেখি বাপেকৰ মনত দুখ হল।
বাপেকে তেওঁক গৰু চৰাবলৈ পঠালে নানকে গৰু এৰি দি গছৰ ছাঁত বহি কিবাকিবি ভাবি থাকে। গৰুৱে লোকৰ খেতি খাই নষ্ট কৰে। ঘৰলৈ ঘূৰি আহিলে তাৰ বাবে বাপেকৰ গালিখায়। খেতি-পথাৰৰ কামত সহায় কৰিবলৈ মাতিলে কয় যে, “পিতা! মোৰ এখন নিজা খেতি আছে। তাত শস্যবোৰে নতুনকৈ গঁজালি মেলিছে। মই তাক সদায় আপডাল কৰিব লাগে। আনৰ খেতিৰ ফলত চকু দিবলৈ মোৰ অকণো আজৰি