সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হজৰত মহম্মদৰ (দঃ) বাণী

 ১। আল্লা এজন আৰু তেঁৱেই আৰাধনা আৰু প্ৰশংসাৰ একমাত্ৰ গৰাকী।

 ২। সদায় নামাজ পঢ়িবা আৰু লগুৱা-লিগিৰিক মৰম কৰিবা।

 ৩। মানুহে নিতৌ পাঁচ বাৰকৈ নিৰ্ম্মল পানীৰে গা ধুলে যেনেকৈ তেওঁৰ গাত মলি থাকিব নোৱাৰে, তেনেকৈ নিতৌ পাঁচ বাৰ নামাজ পঢ়িলে মনৰ মলি থাকিব নোৱাৰে। আল্লাৰ লগত নামাজৰ যোগে সংযোগ ঘটিলেহে মানুহৰ মন নিকা আৰু শুচি নয়

 ৪। জ্ঞান অৰ্জ্জন কৰিবা। জ্ঞানে তাৰ অধিকাৰী সকলক ন্যায়-অন্যায় বুজিবৰ ক্ষমতা দিয়ে। জ্ঞান বেহেস্তৰ বাটৰ চাকি, মৰুভূমিৰ পান্থ-পাদপ, নিজানৰ বন্ধু। জ্ঞানে মানুহক সুখৰ বাট দেখুৱায় আৰু দুখৰ পৰা ৰক্ষা কৰে।

 ৫। সাংসাৰিক সম্পত্তি সৰহ হলেই মানুহ সুখী হব নোৱাৰে। মনৰ সন্তোষেইহে সুখৰ মূল।

 ৬। আত্মাৰ হীনতা স্বীকাৰ কৰি জীৱিকা অৰ্জ্জন নকৰিবা। অভাৱত পৰিলে সাহ আৰু মৰ্য্যদা ৰাখি অভাৱ দূৰ কৰিবলৈ চাবা।

 ৭। কোনো সজ কামকেই তুচ্ছ জ্ঞান নকৰিবা৷ আনৰ কাৰণে এবাল্টি পানী কুঁৱাৰ পৰা তুলি দিয়া কামটো সামান্য হলেও সজ।