সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
৭২
 

 এইৰূপ সাম্য আৰু সুশাসনৰ ফলত যেতিয়া মছলমান বিলাকৰ দল অতিকৈ পুষ্ট হল, তেতিয়া তেওঁলোকে দহ হেজাৰ শিষ্য একমুঠ হৈ মক্কা বিজয়ৰ কাৰণে যাত্ৰা কৰিলে। সেইটো হিজৰতৰ অষ্টম বছৰ। এইবোৰ মক্কাবাসীয়ে বিশেষ বাধা নিদিলে। তেওঁলোক সহজে সৈমান হল৷ ৰক্তপাতৰ একো আৱশ্যক নহল। এইদৰে হজৰত মহম্মদৰ (দঃ) জীবিত কালতে আৰবতে ইছলাম ধৰ্ম্মৰ বিজয় পতাকা উৰিল৷

 কিন্তু হজৰতৰ শৰীৰ ক্ৰমে পৰি আহিল। ৬৩২ খ্ৰীষ্টাব্দৰ মেই মাহত তেওৰ টান নৰিয়া হল। সেই নৰিয়াতে তেওঁ ইহলীলা সামৰিলে।

 হজৰত মহম্মদে (দঃ) আল্লাৰ যি বাণী মানৱ সমাজত প্ৰচাৰ কৰিছিল, সেই আটাইবোৰ গোটাই এখন পুথি যুগুত কৰা হৈছে৷ সেই পুথিৰ নাম কোৰাণ-চৰিফ। কোৰাণ-চৰিফ আৰবী ভাষাত লিখা মছলমান বিলাকৰ অতি পবিত্র গ্রন্থ। ইয়েই ইছলাম ধৰ্ম্মৰ মূল গ্রন্থ।

 এজন আল্লাত বিশ্বাসেই ইছলাম ধৰ্ম্মৰ ভিত্তি। নামাজ, জাকাত, ৰোজা, আৰু হজ এই চাৰিটা ইছলাম ধৰ্ম্ম মন্দিৰৰ লাই খুটা৷

 (১) নামাজ —আল্লাৰ প্ৰশংসা আৰু স্তুতিৰ নাম নামাজ। নামাজৰ যোগেহে আল্লাৰ লগত মানবাত্মাৰ সংযোগ ঘটে। এইটো মছলমান সকলৰ দৃঢ় বিশ্বাস। মছলমানে মিতৌ অন্ততঃ পাঁচ বাৰকৈ নামাজ পঢ়িবলৈ ধৰ্ম্মতঃ বাধ্য। ৰাতিপুৱা দুপৰীয়া,