সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
৬২
 


 কিছুমানে তেওঁৰ বাণী সত্য বুলি গ্ৰহণ কৰিলে আৰু কিছুমানে তাৰ মৰ্ম্ম বুজিব নোৱাৰি বিৰোধী হৈ উঠিল। সিহঁতে তেওঁক আৰু তেওঁৰ তাকৰীয়া অনুগামী সকলক অত্যাচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ ফল ভালেই হল। কিয়নো যাতনা সহি তেওঁৰ অনুগামী সকলৰ ধৰ্ম্মবিশ্বাস দৃঢ়হে হল।

 প্ৰথম প্ৰথম খুৰাদেৱেক আবু তালেবে হজৰতক বিৰোধী দলৰ আক্ৰোহৰ পৰা ৰক্ষা কৰি আছিল; কিন্তু বিৰোধী দল ক্ৰমে প্ৰবল হোৱাত খুৰাকৰ পক্ষে তেওঁক ৰক্ষা কৰা অসম্ভৱ হৈ উঠিল। সিহঁতৰ হাতত তেওঁ আৰু তেওঁৰ দলে বহুতো লাঞ্ছন৷ ভুগিলে। তাৰ ফলত উদ্যম আৰু সঙ্কল্প ক্ৰমে দৃঢ়তৰ হল।

 এনে সময়তে তেওঁৰ প্ৰিয়তমা পত্নী খাদিজা বেগমৰো মৃত্যু হল। তেওঁ একৰাকী প্ৰভাৱশালী মহিলা আছিল। তেওঁ মৰাত বিৰোধী দলে হজৰতৰ ওপৰত অত্যচাৰ কৰিবলৈ সুবিধাহে পালে। ক্ৰমে তেওঁৰ প্ৰাণৰ সংশয় উপস্থিত হল। তেতিয়া নিৰুপায় হৈ তেওঁ সশিষ্যে মক্ক৷ এৰি মদিনালৈ পলাই গল। (৬২২ খৃঃ অঃ) এই ঘটনাকে হিজ্ ৰত্‌ বোলে। সিদিনাৰ পৰা মছলমান বিলাকে হিজৰি শকৰ গণনা কৰে।

 মদিনা মানুহবোৰে হজৰতক মৰমৰ চকুৰে চালে আৰু অনেক তেওঁৰ শিষ্য হল। মদিনাত তেওঁ শান্তিত বাস কৰিছিল। তাতে তেওঁ ইছলাম্‌ ধৰ্ম্মৰ ৰীতি-নীতিবোৰৰ নিয়ম প্ৰণালী বান্ধে।