তেওঁ হজৰতৰ নিপুণতা আৰু সাধুতাৰ কথা শুনি তেওঁক মতাই নিলে আৰু নিজৰ ধনেৰে বয় বস্তু যোগাৰ কৰি দি তেওঁক চিৰিয়ালৈ বেপাৰ কৰিবলৈ পঠিয়ালে। ক্ৰমে লেন-দেন কৰি কৰি হজৰতৰ চৰিত্ৰমাধুৰ্য্যত বিবি খাদিজা মুগ্ধ হল। তেওঁ হজৰতক স্বামীৰূপে পাবলৈ আকাঙ্ক্ষা কৰিলে। তাৰ ফলত তেওঁলোকৰ বিয়া হল। তেতিয়া হজৰতৰ বয়স পঁচিশ আৰু বিবি খাদিজাৰ বয়স চল্লিশ বছৰ।
আৰৱদেশ মৰুভূমি। তাৰ মানুহবোৰৰ প্ৰকৃতি স্বভাৱতে অতি কৰ্কশ। সিহঁতে অলপ কথাতে কাজিয়া কৰিছিল, ইজনে সিজনৰ বস্তু লুটি নিছিল, কেৱে কাকো বিশ্বাস নকৰিছিল। বলীয়ে নিৰ্ব্বলৰ ওপৰত অত্যাচাৰ কৰিছিল। মানুহবোৰৰ মাজত দল-খেল অনেক আছিল আৰু কোনো দলৰে সম্ভাৱ নাছিল। সমাজৰ এনে শোচনীয় অৱস্থা দেখি হজৰতে সদায় দুখ কৰিছিল। তেওঁ অনেক ভাবি-চিন্তি সমাজত ন্যায়-নীতি চলাবৰ কাৰণে এটা ডেকা দল গঠন কৰে। এই দলৰ প্ৰতিজন ডেকাই অন্যায়ৰ বিৰুদ্ধে যুঁজিম বুলি তেওঁৰ ওচৰত শপত খায়। হজৰত মহম্মদ (দঃ) এই দলৰ নেতা হয়। তেওঁলোকৰ যত্নত অনেক কন্দলৰ মৰে, সমাজত অন্যায়-অপকৰ্ম্ম ৰহিত হয় আৰু অনেক ভাল কামৰ সূচনা হয়। কিন্তু এটা স্বাৰ্থলোভী দল তেওঁলোকৰ প্ৰধান বিৰোধী হৈ উঠে।
বিয়াৰ পাছৰ পৰা তেওঁ আগতকৈ গহীন, চিন্তাশীল আৰু নিজান ঠাইত থাকি ভাল পোৱা হয়। মাজে মাজে তেওঁৰ