আছে যে, এদিন এজন লগুৱাই বিচনাখন কোমল কৰিবৰ মনেৰে সেই কম্বলখনকে চাৰি ভাঁজ কৰি পাৰি দিছিল। ফলত তেওঁৰ গভীৰ টোপনি আহিল আৰু নামাজৰ সময় উকলি গল। সেইবাবে তেওঁ লগুৱাটেকে ডাবি দিছিল। তেওঁৰ মুঠতে দুসাজ কাপোৰহে আছিল। তাৰে এসাজ পিন্ধিছিল আৰু আন সাজ নিজ হাতে ধুই লৈছিল। তেওঁ নিজৰ সকলো কামকে নিজে কৰিছিল আৰু অনেকো কামত সহায় কৰিছিল। তেওঁ নিজে ঘৰচীয়া জন্তুৰ তদাৰক কৰিছিল, নিজে ভেৰা ছাগলী খিৰাইছিল, নিজে বজাৰ কৰিছিল আৰু বজাৰৰ বয়-বস্তু নিজে কঢ়িয়াই আনিছিল।
কোৰেইছ বিলাক ব্যৱসায়ী আছিল। তেওঁলোকৰ অনেকে চিৰিয়া আৰু ইয়েমেন প্ৰদেশত বেহা-বেপাৰ কৰিছিল। হজৰতে এই বেপাৰীবোৰৰ লগত সেই সেই দেশলৈ গৈছিল আৰু বেহা-বেপাৰৰ নিয়ম-নীতি মন দি শিকিছিল। তেওঁ যি কামকে কৰে তাতে মন পুতি লাগিছিল। ফলত অলপ দিনৰ ভিতৰতে এই কামত তেওঁ পাৰ্গতালি লাভ কৰে। তেওঁৰ পাৰ্গতালি আৰু সাধুতাৰ কথা কোৰেইছ বিলাকৰ মাজত প্ৰচাৰ হয়।
বেপাৰী আটাইবোৰৰে নিজৰ ধন নাছিল। দেশৰ ধনীবোৰে বেপাৰীবোৰক ধন ধাৰে দিছিল আৰু বেপাৰৰ লাভৰ অংশ লৈছিল। হজৰত খদিজাবেগম্ নামে এগৰাকী বিধৱাৰ বহু ধন-সম্পত্তি আছিল। তেওঁ এইদৰে নিজৰ ধন বেপাৰত খটাইছিল।