সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
৫৮
 

দুর্ভাগ্যবশতঃ হজৰতৰ জন্মৰ আগতে বাপেক ঢুকায়। দেশৰ প্ৰথা মতে বিবি হালিমা নামে এগৰাকী ধায়ে হজৰতক লালন-পালন কৰি ডাঙৰ কৰে। বিবি হালিমাৰ ঘৰ মক্কা নগৰৰ বাহিৰৰ এটা চুবুৰীত আছিল। হজৰত যেতিয়া ছবছৰীয়া হল, তেতিয়া বিবি হালিমাই আনি মাক দিলেহি। দুখৰ বিষয় তাৰ অলপ দিনৰ পাছতে আমিনা বিবিৰ মৃত্যু হয়। তেতিয়া ককাদেউতাকৰ ওপৰত হজৰতৰ লালন-পালনৰ ভাৰ পৰে। ককাদেউতাক আবদুল মুতালিব আলৰ বুঢ়া হৈছিল। গতিকে অলপ দিনৰ পাছতে তেওঁৰো মৃত্যু হয় । তেতিয়া হজৰত মহম্মদ (দঃ) খুৰাদেৱেক আবু তালেবৰ লগত থাকে ।

 সেই কালত আজিকালিৰ দৰে লৰা-ছোৱালী পঢ়িবৰ কাৰণে পঢ়াশালী নাছিল । গতিকে হজৰত মহম্মদে কিতাপৰ শিক্ষা পোৱা নাছিল । তেওঁ নিৰক্ষৰ আছিল । তেওঁ প্ৰকৃতিৰ পৰা বহু শিক্ষা গ্ৰহণ কৰিছিল। খুৰা দেৱেকে তেওঁক সকলো বিষয়তে শিক্ষিত কৰি তুলিবলৈ যত্ন কৰিছিল। তেওঁৰ যত্ন আৰু নিজৰ চেষ্টাৰ ফলত তেওঁ বহু বিষয়ৰ অভিজ্ঞতা অর্জন কৰিছিল।

 তেওঁ অতি সৰলভাৱে জীৱন যাপন কৰিছিল আৰু মনত সদায় উচ্চাকাঙ্ক্ষা পোষণ কৰিছিল ৷ কথিত আছে যে, তেওঁ ৰাতিপুৱাৰ সাজ পেট ভৰাই খালে ৰাতি নাখাইছিল; নাইবা ৰাতিৰ সাজ পেট ভৰাই খালে দিনটো অনাহাৰে কটাইছিল । তেওঁ সদায় কম্বল এখন দুভাঁজ কৰি পাৰি শুইছিল। কথিত