২। যি অহঙ্কাৰ নকৰে, তেওঁ স্বৰ্গবাসী হয় । যি কু-কাম
কৰি অনুতাপ কৰে, তেওঁ আনন্দ পায় । যি বিনয়ী পৃথিবীত
তেওঁৰ প্ৰতিপত্তি বাঢ়ে । যি ধাৰ্ম্মিক, তেওঁ সকলো কামতে সিদ্ধি
লাভ কৰে ৷ যি দয়াশীল, তেওঁক সকলোৱে ক্ষমা কৰে ৷ যাৰ
অন্তঃকৰণ পবিত্র, তেওঁ ঈশ্বৰৰ সাক্ষাত পায় ৷ যি শান্তি স্থাপন
কৰে, তেওঁ ঈশ্বৰৰ প্ৰিয় সন্তান । যি সত্যধৰ্ম্ম প্ৰচাৰৰ কাৰণে
নীৰৱে সকলো যন্ত্রণা সহ্য কৰে, তেওঁৰ স্বৰ্গবাস হয় ৷ যি পৰৰ
কাৰণে সকলো দুখ-কষ্ট গা পাতি লয়, তেওঁৰ কাৰণে ভগবানে
স্বৰ্গত যথেষ্ট পুৰস্কাৰৰ ব্যৱস্থা কৰে ৷
৩। ঈশ্বৰক গোপনে প্রার্থনা কৰিবা । কপটী মানুহৰ লোকক দেখুৱাই চিঞৰি প্ৰাৰ্থনা কৰিবৰ আৱশ্যক নাই।
৪। ঈশ্বৰৰ নামত গোপনে উপবাস কৰিবা ৷ ভণ্ড তপস্বীৰ দৰে মুখ শুকুৱাই তাক আনৰ আগত নকবা। চাবা, তুমি উপবাসে আছা বুলি যেন আনে ধৰিব নোৱাৰে ৷
৫। ঈশ্বৰক যদি পাব খোজা, তেওঁত একান্ত শৰণ লোৱা। তোমাৰ যি আছে, দুখী-দৰিদ্ৰক দান কৰা। কাইলৈ কি খাব৷, নাভাবিবা। দয়াময় পিতাই নিজে তোমাৰ সকলো অভাৱ পূৰণ কৰিব ৷
৬। তুমি আনক ক্ষমা কৰিলে ঈশ্বৰেও তোমাক ক্ষমা কৰিব। মাগিলে পায়, খুন্দিয়ালে দুৱাৰ মুকলি হয়, মন কৰিলে ছন্ হয় আৰু যত্ন কৰিলে ৰত্ন মিলে।