সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
৫২
 

এই দৰে অতি অলপ দিনৰ ভিতৰতে তেওঁৰ ধৰ্ম্মমত বহু ঠাইত বিয়পি পৰিল। যিশুৰ অলৌকিক মহিমা প্ৰকাশ পাবলৈ ধৰিলে। তেওঁক সকলোৱে ঈশ্বৰ অৱতাৰ বুলি ভাবিবলৈ ধৰিলে। তেওঁ কণাক চক্ষু দান, কলাক শুনাশক্তি, খোৰাক গতি দিব পাৰে আৰু চকুৰে চাই দুৰাৰোগ্য ৰোগ গুচাব পাৰে, মৰা মানুহক জীয়াব পাৰে, — এইবোৰ অদ্ভুত শক্তিৰ কথা চাৰিওফালে প্ৰচাৰিত হল। দূৰ-দূৰণিৰ পৰা দলে দলে মানুহ আহি তেওঁক 'স্বৰ্গৰ দেৱতা' ভাৱেৰে চাবলৈ ধৰিলে। তেওঁৰ ক্ষমতাৰ কথা, মাহাত্ম্যৰ কথা, মানুহৰ মুখে মুখে হল। তেওঁ প্ৰচাৰ কৰিলে যে, 'ধনীতকৈ দুখীয়াহে ঈশ্বৰৰ অধিক প্ৰিয়।' তাকে শুনি দুখীয়া আৰু সমাজৰ হেচাত পেপুৱা লাগি থকা মানুহবোৰ তেওঁৰ শিষ্য হবলৈ লৰি আহিল। অৱশ্যে তেওঁৰ শিষ্য সকলৰ ভিতৰত অনেক চহকী মানুহো আছিল।

 অন্যান্য মহাপুৰুষ সকলৰ দৰে যিশু খৃষ্টৰো ধৰ্ম্ম মত সমাজত চলি থকা ধৰ্ম্মমতৰ বিৰোধী হৈ উঠিল। তেওঁৰ জ্ঞাতি ইহুদীবোৰে তেওঁক সমাজৰ শত্ৰু বুলি মানিবলৈ ধৰিলে। সিহঁতে তেওঁৰ বিৰুদ্ধে নানা ষড়যন্ত্ৰ আৰু নানা কূট বুদ্ধি আলচিবলৈ ধৰিলে। অবশ্যে যিশুৰ প্ৰতিভাৰ বলত সিহঁতৰ অনেক কুমন্ত্ৰণা জয় পৰিল। তথাপি সিহঁতে তেওঁৰ পিচ নেৰিলে। অন্ততঃ যিশুৱে পৰবৰ্তী সমাজৰ কল্যাণৰ কাৰণে আৰু জগতত যাউতিযুগীয়া আত্মবলিদানৰ দৃষ্টান্ত ৰাখি যাবৰ কাৰণে তেওঁ নিজে উপযাচি শত্ৰুৰ হাতত