তিনিভাগৰ এভাগ মানুহে ধৰ্ম্ম ৰাজ্যৰ অধীশ্বৰ বুলি মানে, তেওঁৰ জন্ম হৈছিল ঘোঁৰাশালত। ভগবানৰ লীলা বুজা নাযায়।
যিশুৱে জন্মগ্ৰহণ কৰাৰ কিছু দিনৰ পাছতে নগৰত জনাজাত হল যে, ইহুদী বিলাকৰ ভাবী ৰজা ঈশ্বৰৰ অৱতাৰৰূপে বেথেল্হেম্ নগৰত উপজিছে। সেই সময়ত হিৰোড নামে ইহুদী বিলাকৰ এজন ৰজা আছিল। তেওঁ এই জনৰৱ শুনি বৰ উচাটন হল। তেওঁ বৰ নিষ্ঠুৰ আৰু ক্ৰুৰ প্ৰকৃতিৰ মানুহ আছিল। তেওঁ ভাবিলে যে, সৰ্ব্বনাশ; যদি সচাকৈয়ে কোনো বীৰ্য্যবান পুৰুষৰ জন্ম হল, তেন্তে তেওঁৰ ভোগ উকলিল। বিহ গছ পুলিতে উভালি পেলাব লাগে— ইয়াকে ভাবি তেওঁ বেথেল্হেম্ নগৰৰ ঘৰে ঘৰে লৰাটিৰ খবৰ কৰালে।
ৰজাৰ অসৎ অভিপ্ৰায় বুজিব পাৰি জোচেফ্ আৰু মেৰীয়ে যিশুক লৈ পলাই গল। তেওঁলোকে অনেক পৰ্ব্বত-পাহাৰ, মৰু-প্ৰান্তৰ, বন-উপবন পাৰ হৈ মিচৰ দেশত ওলালগৈ।
ৰজা হিৰোডে যিশুক নাপাই বেথেল্হেম্ নগৰৰ দুবছৰৰ কম বয়সৰ আটাইবোৰ লৰাকে মৰাই পেলালে।
ইয়াৰ কিছুদিন পাছত হিৰোডৰ মৃত্যু হল। এই বাতৰি শুনি জোচেফ আৰু মেৰীয়ে যিশুক লৈ মিচৰৰ পৰা নেজাৰেথলৈ আহিল। নেজাৰেথত জোচেফে আগৰ দৰে কাঠ-মিস্ত্ৰি কাম কৰিবলৈ ধৰিলে। যিশুৱে তেওঁক যি পাৰে কামত সহায় কৰিবলৈ ধৰিলে।