সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
৩৮
 


 আকৌ আন এদিনাখন প্ৰমোদ কাননলৈ যাওঁতে বাটত এটা মানুহৰ মৰা শ শশ্মানলৈ লৈ যোৱা দেখিলে। সিদিনাও তেওঁ সাৰথিক সুধি জানিব পাৰিলে যে, ‘মৰণেই সকলো জীৱৰ শেষ গতি। সকলো এদিন এই সুন্দৰ পৃথিবী এৰি যাব লাগিব।'সিদিনাও তেওঁৰ প্ৰমোদ-কাননলৈ যোৱা নহল।

 আন এদিনাখন ফুৰিবলৈ যাওঁতে বাটত এজন সন্ন্যাসীক লগ পালে। তেওঁৰ গাত এডুখৰি গেৰুৱা কাপোৰ, হাতত এটা লাউখোলা, মুখত মধুৰ হাঁহি আৰু মনত অপাৰ আনন্দ। কুমাৰে সাৰথিক সুধিলে— ‘এও কোন?’ সাৰথিয়ে কলে—'কুমাৰ! এওঁ এজন সন্ন্যাসী; সংসাৰৰ কোনো বস্তুলৈকে এওঁৰ লোভ নাই।'

 এই কথা শুনি সিদ্ধাৰ্থই জীৱনৰ বাট বিচাৰি পালে যেন বোধ হল। তেওঁৰ মনত অপাৰ আনন্দ লাগিল। তেওঁ ফুৰিবলৈ নগৈ ঘৰলৈ উভতি আহিল আৰু সিদিনাৰ পৰা তেওঁৰ মনতো বৈৰাগ্যৰ ভাৱ সোমাল।

 এনে ভাৱৰ ঢৌ উঠি থকা অৱস্থাতে তেওঁৰ এটি লৰা জন্ম পালে। তেতিয়া তেওঁ ভাবিলে যে, সংসাৰৰ মায়াৰ বন্ধন ক্ৰমে বাঢ়িহে যাব। ম‍ই আৰু সৰহদিন সংসাৰী হৈ থকাটো উচিত নহব। সেই সময়ত তেওঁৰ বয়স ঊনত্ৰিশ বছৰ। তেওঁ সংসাৰৰ জৰা-ব্যাধি আৰু মৃত্যু-যন্ত্ৰণাৰ পৰা ৰক্ষা পাবৰ উপায় বিচাৰি সন্ন্যাসী জীৱন ধাৰণ কৰিবলৈ থিক কৰিলে।