ধন-মান-যশৰ গৌৰৱ, শাৰীৰিক শক্তিৰ গৌৰৱ, মনৰ অভিমান আৰু বিদ্যা-বুদ্ধিৰ গৌৰৱে মানুহক অধৰ্ম্মৰ বাটলৈ টানি নিয়ে।
৪। ক্ৰোধ, মান, মায়া, লোভ এই চাৰি শত্ৰুৱে মানুহক সংসাৰত আবদ্ধ কৰি ৰাখে।
৫। গাখীৰৰ লগত পানীৰ যিদৰে মিল হয়, আত্মা আৰু কৰ্ম্মৰে তেনেদৰে মিল হয়। কৰ্ম্মফলেই মানুহৰ জীৱন বহন কৰে। কৰ্ম্মফল আৰু আত্মাৰ যি বন্ধন, তাৰ পৰা মুক্ত হবলৈ মানুহৰ সাধ্য নাই।
৬। কৰ্ম্মই মানুহৰ জীৱনত চাৰি প্ৰকাৰ প্ৰভাৱ বিস্তাৰ কৰে। (ক) প্ৰকৃতি (খ) চৰিত্ৰ (গ) অৱস্থা (ঘ) সময়ৰ প্ৰভাৱ।
৭। সত্যক সম্মান কৰা আৰু মিথ্যাক আন্তৰিক ঘৃণা কৰাই সত্য ধৰ্ম্ম। ইয়াৰ প্ৰভাৱত জগত জয় কৰিব পাৰি।
৮। নিজৰ ক্ষমতাৰ পৰিমাণ বুজি কাম কৰিবা। যি কাম তোমাৰ শক্তিৰ অতীত, তেনে কামৰ পৰা আঁতৰি থাকিবা। কাম ভাল; কথা বেয়া।
৯। আয় চাই ব্যয় কৰিবা। সামাজিক অৱস্থা চাই সাজ-পাৰ লবা। প্ৰতি দিনে সৎ চিন্তা, সৎ গ্ৰন্থ পাঠ আৰু ধৰ্ম্মালোচনা কৰি মনক পবিত্ৰ ৰাখিবা।
১০। যি সাধু-সঙ্গ লয়, অসৎ সঙ্গ পৰিত্যাগ কৰে, পিতা-মাতাক ভক্তি কৰে আৰু জীৱক দয়া কৰে, সি ঈশ্বৰৰ আশীৰ্ব্বাদ পায়।