সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
মহাবীৰ
 

অঞ্চল) প্ৰভৃতি ঠাইত ত্ৰিশ বছৰ ধৰ্ম্মপ্ৰচাৰ কৰে। মগধৰ ৰজা সকলে ধৰ্ম্ম প্ৰচাৰত তেওঁক সহায় কৰিছিল। তেওঁলোকৰ সহায়ত জৈন ধৰ্ম্মই এসময়ত উত্তৰ ভাৰতত বিস্তৃতি লাভ কৰিছিল। ৭২ বছৰ বয়সত তেওঁ ৰাজগৃহৰ ওচৰৰ পাৱা নামে ঠাইত সম্ভবতঃ ৪৬৮ খৃষ্টাব্দ পূৰ্ব্বত প্ৰাণত্যাগ কৰে

 মহাবীৰে মৃত্যুৰ সময়ত তেওঁৰ প্ৰধান শিষ্য ইন্দ্ৰভূতিক জৈনধৰ্ম্মৰ নেতা পাতি গৈছিল। জৈনবিলাকৰ অষ্টম ধৰ্ম্মগুৰু জনৰ নাম ভদ্ৰবাহু। সেই সময়ত উত্তৰ ভাৰতত এটা ডাঙৰ আকাল হয়। ফলত জৈন ভিক্ষু সকলৰ প্ৰাণ ধাৰণ কৰাই অসম্ভৱ হৈ উঠে। সেই কাৰণে ভদ্ৰবাহুৱে বাৰ হাজাৰ জৈন ভিক্ষু লগত লৈ দক্ষিণ ভাৰতলৈ যায়। তেতিয়াৰ পৰা দক্ষিণ ভাৰততো জৈন ধৰ্ম্ম প্ৰচাৰ হয়। খৃষ্টীয় সপ্তম শতিকাত দক্ষিণ ভাৰতত জৈন বিলাকৰ প্ৰভাৱ অতি বাঢ়ে। তেতিয়া চালুক্য আৰু ৰাষ্ট্ৰকূটৰ ৰজ৷ সকলে জৈন ধৰ্ম্ম লৈছিল আৰু তেওঁলোকৰ প্ৰজাবোৰৰ মাজতো জৈন ধৰ্ম্ম বিলাইছিল।

 ভীষণ আকালত মৰি-হজি উত্তৰ ভাৰতত যি সকল জৈন ভিক্ষু থাকিল, তেওঁলোকে স্থূলভদ্ৰ নামে এজনক নেতা পাতি ললে। তেওঁ কিছুমান বেলেগ নীতি-নিয়ম সমাজত চলালে। তেতিয়াৰ পৰা জৈন বিলাকৰ দুটা দল হল। দুয়োটা দলৰ মাজত ক্ৰমে মতভেদ হৈ কালত দলাদলিৰ সৃষ্টি হল। যিবিলাকে স্থূলভদ্ৰৰ মত মানি চলে, তেওঁলোকক শ্বেতাম্বৰ বোলে। তেওঁ