ক্ৰমে সেই সন্ন্যাসী সকলৰ শিক্ষাৰ প্ৰভাৱত তেওঁৰ মনলৈ বৈৰাগ্যৰ ভাৱ আহে। ইয়াৰ পাচত এদিন হঠাতে তেওঁ সংসাৰ ত্যাগ কৰি সেই মঠৰ সন্ন্যাসী হয়। তেতিয়া তেওঁৰ বয়স ত্ৰিশ বছৰ। তাত কিছুদিন থাকি ভাল নলগাত তেওঁ নানা ঠাই ভ্ৰমণ কৰে। তাৰ পাচত তেওঁ বাৰ বছৰ নিজান ঠাইলৈ গৈ তপস্যা কৰে। তেতিয়া তেওঁ সত্যৰ সন্ধান পায়। তেতিয়াৰ পৰা তেওঁ মহাবীৰ জিন্ নামে জনাজাত হয়। তেওঁৰ শিষ্য সকলে জৈন নাম পায় |
মহাবীৰে পাৰ্শ্বনাথৰ মতকে মানি চলিছিল। কিন্তু তেওঁ জৈন মুনি সকলৰ কাৰণে আগতকৈ কিছুমান কঠোৰ নিয়ম কৰিছিল। তেওঁৰ মতে জৈনমুনি সকলে সংসাৰ নকৰিব; কোনো সম্পত্তিৰ মালিক নহব।
তেওঁ কাপোৰ নিপিন্ধিছিল। নাঙঠ হৈ দেশে দেশে ঘূৰি ফুৰিছিল। শৰীৰৰ কোনো কষ্টই তেওঁৰ মনত ক্ষন্তেকৰ কাৰণেও অশান্তি ওপজাব পৰা নাছিল। মনক সম্পূৰ্ণৰূপে জয় কৰিব পাৰিছিল কাৰণেই তেওঁক জিন্ বুলিছিল। তেওঁৰ মতে মনৰ সুখ-দুখ সম্পূৰ্ণ জয় কৰিব পাৰিলেই মানুহ মুক্তিৰ অধিকাৰী হয়। সেই কাৰণে তেওঁ শিষ্য সকলক প্ৰধানকৈ মনজয় কৰিবলৈ উপদেশ দিছিল।
৪২ বছৰ বয়সৰ পৰা তেওঁ ধৰ্ম্মপ্ৰচাৰ কৰে। তেওঁ মগধ (বৰ্ত্তমান পাটনা আৰু গয়া) অঙ্গ (বৰ্ত্তমান ভাগলপুৰ) বিদেহ (বৰ্ত্তমান ত্ৰিহুত অঞ্চল) আৰু কোশল (বৰ্ত্তমান অযোধ্যা