এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাবীৰ
জৈন ধৰ্ম্ম ভাৰতৰ এটা প্ৰাচীন ধৰ্ম্ম। এতিয়াও গুজৰাট আৰু মাৰৱাৰ প্ৰদেশত প্ৰায় পোন্ধৰ লাখ জৈন বাস কৰে। এওঁলোক ব্যৱসায়ী গতিকে চহকী।
মহাবীৰ জৈন-ধৰ্ম্মৰ সংস্কাৰক। তেৱেঁই জৈনধৰ্ম্মৰ আদি প্ৰবৰ্ত্তক নহয়। জৈন ধৰ্ম্মৰ বুৰঞ্জীত তেওঁৰ আগতে আৰু কেবাজনো সিদ্ধ পুৰুষৰ নাম পোৱা যায়। তেওঁলোকে ভিন্ ভিন্ যুগত ভাৰতৰ ভিন্ ভিন্ ঠাইত জন্ম গ্ৰহণ কৰি জৈনধৰ্ম্ম প্ৰচাৰ কৰিছিল। এই মহাপুৰুষ সকলক জৈনবোৰে তীৰ্থঙ্কৰ বা ধৰ্ম্মৰ পথ প্ৰদৰ্শক বোলে। মোটতে জৈন ধৰ্ম্মৰ ২৪ জন তীৰ্থঙ্কৰ। তাৰে প্ৰথম ২২ জন তীৰ্থঙ্কৰ সম্বন্ধে কোনো কথা জনা নাযায়। ত্ৰয়োবিংশ তীৰ্থঙ্কৰ জনৰ নাম পাৰ্শ্বনাথ।
পাৰ্শ্বনাথ খৃষ্ট-পূৰ্ব্ব অষ্টম কি নবম শতিকাত বাৰানসী নগৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁ এজন ক্ষত্ৰিয় ৰাজকুমাৰ আছিল। তেওঁ ডেকা কালতে সংসাৰ এৰি বনলৈ যায় আৰু তাত গভীৰ