সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
২৬
 

সত্য পথে চলাই তেওঁৰ মূল মত। খৃঃ পূঃ ৪৭৮ চনত তেওঁৰ মৃত্যু হয়।

 তেওঁৰ উপদেশবোৰ অতি সাৰুৱা। তলত তাৰে কেটামান নমুনা স্বৰূপে তুলি দিয়া হল।



কংফুচিওৰ বাণী

 ১। পিতা-মাতাক মানি চলিবা। তাৰ সমান পুণ্য কাৰ্য্য, জগতত নাই। যি পিতা-মাতাৰ কথা শুনে, সি ৰজাকো মানি চলে। কিয়নো ৰজা সাম্ৰাজ্য ৰূপ বৃহৎ পৰিয়ালৰ পিতৃ-স্বৰূপ।

 ২। যি নৈতিক জীৱনৰ মৰ্ম্ম বুজে, সি কেতিয়াও লোভৰ বশ হৈ ন্যায়-ধৰ্ম্মৰ মৰ্য্যাদা হানি নকৰে।

 ৩। যি নিৰ্ব্বোধ, সি আনৰ ভাল দিহা নুশুনে। সি দৰিদ্ৰ হলেও আনৰ ওপৰত প্ৰভুত্ব কৰিব খোজে।

 ৪। সদায় কথা আৰু কামৰ মিল ৰাখি চলিবা।

 ৫। যদি ভুল কৰা তেন্তে তাক তেতিয়াই শুধৰাবা। লাজ কৰি পলম নকৰিবা।

 ৬। মানুহ দেৱতা নহয়। মানুহেই মানুহৰ আদৰ্শ। পৃথিবীত দোষশূণ্য ধাৰ্ম্মিক পুৰুষ বিৰল। এজন অকপট হৃদয়ৰ মানুহ পালেই ধন্য জ্ঞান কৰিবা।