সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কংফুচিও


 লাউৎজেৰ ৫৩ বছৰ পাচত সম্ভবতঃ খৃঃ পূঃ ৫৫১ চনত কংফুচিওৰ জন্ম হয়। লু ৰাজ্যৰ চাংটুং নামে এখন গাওঁৰ এটা প্ৰাচীন আৰু সম্ভ্ৰান্ত পৰিয়ালত তেওঁ উপজিছিল। তেওঁৰ বাপেক-মাক দুখীয়া আছিল; গতিকে তেওঁ কষ্টত ডাঙৰ হৈছিল। লৰাকালত তেওঁ কিছু লিখা-পঢ়া শিকিছিল। তেওঁ বাঁহী বজাই গান গাবলৈ ভাল পাইছিল।

 বাল্যকালৰ খেল-ধেমালিৰ মাজেৰে তেওঁৰ ভবিষ্যত জীৱনৰ আদৰ্শ প্ৰকাশ পাইছিল। খেলাৰ সময়ত তেওঁ প্ৰায়েই সন্ন্যাসীৰ সাজ পিন্ধিছিল। ঊনৈশ বছৰ বয়সত তেওঁ বিয়া কৰায়।

 ডেকাকালত তেওঁ শিক্ষকতা কৰিছিল। তেওঁৰ চৰিত্ৰ আৰু শিক্ষাদান প্ৰণালীত মুগ্ধ হৈ বহু দূৰ ঠাইৰ ছাত্ৰ আহি তেওঁৰ ওচৰত পঢ়িছিল। ছাত্ৰক শিক্ষা দিয়াৰ বাবে তেওঁ ছাত্ৰৰ পৰা কোনো ৰকম সহায় বা ধন-বস্তু একো নলৈছিল। কিন্তু তেওঁৰ এটা বৰ কঠিন নিয়ম আছিল। সেই নিয়ম পালন কৰি