১৫। বেচি কথা কলে কবলৈ কথা নাইকিয়া হয়।
১৬। ধুমুহা বতাহ এঘণ্টাৰ বেচি আৰু ডাঁৱৰীয়া বতৰ এদিনৰ বেচি নাথাকে। প্ৰকৃতিৰ উৎসাহেই যদি এনে খন্তেকীয়া তেন্তে মানুহৰ উৎসাহ কিমান পৰলৈ টিকিব?
১৭। ভাল কথা কৈ পৰিচিতৰ মাজত সুখ্যাতি অৰ্জ্জন কৰিব পাৰি; কিন্তু ভাল কাম কৰি অপৰিচিতৰ মাজতো সুহৃদ লাভ কৰিব পাৰি।
১৮। যি গছৰ গুৰি তুমি দুয়োহাতে আঁকোৱালি নোপোৱা, সি এটি অকণমানি গুটিৰ পৰা হোৱা। সাত-মহলা ঘৰৰো মাটিয়েহে অবলম্বন। এখোজ এখোজ কৰি গৈ মানুহে হাজাৰ যোজনো অতিক্ৰম কৰে।
১৯। টান কাম সহজ হৈ থাকোঁতেই আৰু ডাঙৰ কাম সৰু হৈ থাকোঁতেই আৰম্ভ কৰিবা।
২০! মানুহ যেতিয়া জন্মে, তেতিয়া সি লেতু সেতু; কিন্তু যেতিয়া মৰে, তেতিয়া সি ঠৰঙ্গা। কুমলীয়া এচাৰি এডাল যিপিনে ইচ্ছা ভাঁজ লগাব পাৰি; কিন্তু শুকান বাঁহ এডাল কুঠাৰ নহলে কাটিব নোৱাৰি। গতিকে কোমলতা জীৱনৰ লক্ষণ আৰু কঠিনতা মৃত্যুৰ লক্ষণ।