সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
মহাপুৰুষ লাউৎজে
 


 ৫। পৃথিবীৰ মানুহে যদি তও ধৰ্ম্ম মানি চলে, তেন্তে যুদ্ধৰ ঘোঁৰা খেতিৰ কামত লগাব লাগিব; কিন্তু যদি এই ধৰ্ম্ম অৱহেলা কৰে, তেন্তে খেতি কৰা হালোৱা গৰুৱো যুদ্ধৰ চিপাহীৰ ৰচদ হব।

 ৬। খোৱা-পিন্ধাত সংযমৰ অভাব আৰু শয়নত বিলাস অতি অশোভন।

 ৭। ধনৰ গৰ্ব্ব সদায় পৰিত্যাগ কৰিবা। ডকাইতেহে বহু মূলীয়া সাজ-পাৰ আৰু হীৰা-পতোৱা তৰোৱাল ব্যৱহাৰ কৰে।

 ৮। নিজৰ জ্ঞান আৰু বিশ্বাসৰ মাজত সদায় মিল ৰাখি চলিবা।

 ৯। ঘোলা পানী এটা পাত্ৰত কিছু পৰ থৈ দিলে নিৰ্ম্মল হয়। সেইদৰে যদি শান্তি লাভ কৰিব খোজা, তেন্তে অপেক্ষা কৰা, ধৈৰ্য্য ধৰা।

 ১০। কথা কমকৈ কবা; তেতিয়াহে তোমাৰ কাম ঠিক হব।

 ১১। পাচত থাকা, আগৰ আসন তুমিয়েই পাবা। হেচি-ঠেলি আগত বহিব খুজিলে গতা খাবা।

 ১২। যি মূৰ দোঁৱাব জানে, তাৰ মূৰ কেতিয়াও কটা নাযায়।

 ১৩। মিতব্যয়ী হোৱা; প্ৰাৰ্থনা পূৰণ কৰিব পাৰিবা। ধীৰ হোৱা, বিপদ আঁতৰি যাব।

 ১৪। তুমি ভালৰ লগত ভাল ব্যৱহাৰতো কৰিবাই, বেয়াৰ লগতো ভাল ব্যৱহাৰ কৰিবা। তেহে তাক ভাল পথলৈ আনিব পাৰিবা।