সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
২০
 

মতবোৰৰ ওপৰত ভাৰতীয় ধৰ্ম্মৰ যথেষ্ট প্ৰভাৱ আছে। তদুপৰি চীনদেশৰ পণ্ডিত সকলে ভাৰতীয় পণ্ডিত সকলৰ দৰে মুণ্ডন কৰে আৰু চীনা বিলাকৰ দৰে মূৰত দীঘল চুলি বেণী গুঁথি নাৰাখি ভাৰতীয় বামুণৰ দৰে চুটি টিকনি ৰাখে।

 লাউৎজে যুদ্ধক অত্যন্ত ঘৃণা কৰিছিল। স্বাৰ্থৰ কাৰণে মৰামৰি কটাকটিকৈ মৰা ঘোৰ অন্যায় বুলি ভাবিছিল। তেওঁৰ লক্ষ্য আছিল মানৱ জাতিক শান্তি দিয়া। সেই কাৰণে তেওঁ শিষ্য সকলৰ মাজত শান্তিৰ বাণীহে প্ৰচাৰ কৰিছিল। তেওঁৰ উপদেশবোৰ অতি সুন্দৰ আৰু সাৰুৱা।



লাউৎজেৰ বাণী।

 ১। হে মানৱ। তুমি শিশুৰ দৰে সৰল হবা। চিন্তা-ভাবনা দূৰ কৰা। মনটো সদায় মুকলি কৰি ৰাখিবা।

 ২। উপকাৰ কৰি অপকাৰীৰ ধাৰ সুজিবা।

 ৩। দয়া, মিতাচাৰ আৰু বিনয়— এই তিনিটি মানুহৰ অমূল্য ৰত্ন। সিহঁতক ক্ষন্তেকলৈকো নেৰিবা।

 ৪। নিজক বুজিয়েই সন্তুষ্ট থাকিবা। আনক বিচাৰ কৰিবলৈ নাযাবা। আপোন ভালেই জগত ভাল। যি আচলতে ভাল, সি কাকো পৰিত্যাগ নকৰে।