তেতিয়া তেওঁৰ মনত ৰজা ঘৰৰ জাক-জমক আৰু পদ-গৌৰৱ সমূলি ভাল নলগা হয়। তেওঁ থিৰ কৰিলে যে, তেওঁ সংসাৰ এৰি সন্ন্যাসী হব আৰু তেওঁ যি সত্য পাইছে, তাক জগতত প্ৰচাৰ কৰিব। এনে ভাব প্ৰবল হোৱাত এদিনাখন ৰাতি সকলো নিঃপালি দিয়াত তেওঁ বেশছন কৰি ৰাজটোলৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে। কিন্তু দুৱৰীয়ে তেওঁক চিনি পাই সোধে— “আপুনি ইমান ৰাতি কলৈ যাবলৈ আহিছে?” লাউৎজেৱে কয়— “মই ৰজাঘৰীয়া কাম কৰি ভাল পোৱা নাই। মই পঢ়ি-শুনি যি সাৰ সত্য লাভ কৰিছোঁ, তাক জগতত প্ৰচাৰৰ কাৰণে যাবলৈ আহিছোঁ।” তেতিয়া দুৱৰীয়ে কৰযোৰে মিনতি জনাই কয়,— “হে ধাৰ্ম্মিক মহাপুৰুষ! আপোনাৰ শুভ ইচ্ছাত মই বাধা নিদিওঁ। কিন্তু আপোনাৰ ওচৰত মোৰ এটি প্ৰাৰ্থনা আছে। প্ৰাৰ্থনাটি এই— আপুনি ৰাজনগৰ এৰি যোৱাৰ আগতে জগতৰ মানুহৰ মঙ্গলৰ কাৰণে এখন গ্ৰন্থ লিখি মোৰ হাতত দি যাওক।”
দুৱৰীৰ কথা শুনি সিদিনা তেওঁ পুনৰ পুথি ভঁৰাললৈ উভতি গল আৰু এখন গ্ৰন্থ ৰচনাত মন দিলে। যিদিনা ৰচনা শেষ হল, সেই দিনাই তেওঁ সেই গ্ৰন্থ দুৱৰীক দি ৰাজপুৰী ত্যাগ কৰিলে। তেওঁ ৰচনা কৰা সেই পুথিৰ নাম তও-তে-চিং অৰ্থাৎ ব্ৰহ্মবাদৰ মন্ত্ৰ।
ইয়াৰ পাচত লাউৎজে পৃথিবীৰ অনেক দেশ ফুৰি অনেক কথা শিকিছিল। বহুতে কয় যে, তেওঁ ভাৰতবৰ্ষলৈকো আহিছিল আৰু ভাৰতীয় দৰ্শন শিক্ষা কৰিছিল। কিয়নো লাউৎজেৰ ধৰ্ম্ম-